নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপচর্চাত কমলা

জাৰৰ দিন পৰিলেই কমলাৰে বজাৰ ভৰি উঠে। চিকিৎসকেও কমলা নিয়মিতভাৱে খাবলৈ পৰামর্শ দিয়ে। ইয়াৰ গুণাগুণ বহুত। ৰোগ প্রতিৰোধৰ ক্ষমতা বঢ়ায় কমলাই। কেৱল স্বাস্থ্য বাবেই নহয়,ৰূপচর্চাতো কমলা ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পাব পাৰি।

ৰূপচর্চাত কেনেদৰে ব্যৱহাৰ কৰিব কমলা-

১) মুখত কমলাৰ ৰস এনেই সানিব পাৰে। কেইমিনিটমান পাছত ধুই দিব। ময়লাৰে বন্ধ হোৱা ছালৰ ছিদ্রবোৰ কমলাৰ ৰসে খুলি দিব আৰু ছালখন পৰিষ্কাৰ হ’ব। উজ্জ্বলতাও বাঢ়িব।
২) টোনাৰ হিচাবেও কমলা ব্যৱহাৰ কৰা যায়। এটা কমলাৰ ৰসত দুচামুচ পানী মিলাই ফ্রীজত থৈ দিব। মুখ পৰিষ্কাৰ কৰাৰ পাছত অলপ ৰস সানি থওঁক। কিছু পৰ পাছত তিতা টিছু পেপাৰেৰে মুখখন মুচি মইশ্বাৰাইজাৰ লগাওঁক।


৩) কমলাৰ বাকলি শুকাই গুৰি কৰি ৰাখিব পাৰে। তাৰে সৈতে টেঙা দৈ মিহলাই মুখত সানিব। এই ফৰ্মূলাৰে প্রাকৃতিকভাৱে ব্লিচ ছালখনৰ কৰা যায়।
৪) গা ধোৱাৰ সময়ত অলপ বেছনৰ সৈতে কমলাৰ শুকান গুৰি মিহলাই পানীৰে হাত-ভৰি তথা দেহত ভালদৰে লগাওঁক। দেহৰ লেতেৰা উঠি যাব। ছালখন পৰিষ্কাৰ হ’ব।

You might also like