নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচক্ৰীম নে চকলেট, অভিনেত্ৰী ভূমি পেডনেকাৰৰ প্ৰিয় খাদ্য কি জানেনে

বিশেষ বাৰ্তা, ২ জুনঃ আমি সকলোৱে জানিব বিচাৰো যে আমাৰ প্ৰিয় চেলিব্ৰিটীয়ে কি খায় ভাল পায়, যিয়ে তেওঁলোকক ফিট আৰু স্বাস্থ্যৱান কৰি ৰাখে। ‘টয়লেট’ ছবিখনেৰে অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰা ভূমি পেডনেকাৰে কি খায় ভাল পায়, জানেনে? অভিনেত্ৰীগৰাকীয়ে কেতিয়াও নিজৰ খাদ্য আৰু ভোগ-বিলাসক অস্বীকাৰ নকৰে। কঠোৰ ফিটনেছ ৰেজিমৰ সৈতে খোৱাৰ ভাৰসাম্য ৰক্ষা কৰি চলে। আৰু এইবাৰ ইনষ্টাগ্ৰামত নিজৰ অনুৰাগীসকলৰ বাবে আছ্ক-মি-এনিথিং শিতানত ভাগ লৈছে। যেতিয়া ভূমিক এজন অনুৰাগীয়ে প্ৰশ্ন কৰিছিল, “আপোনাৰ প্ৰিয় খাদ্য কি”, তেওঁ নিজকে বৰ খাদ্যপ্ৰেমী বুলি স্বীকাৰ কৰি কয় যেকোনো নিৰ্দিষ্ট এটাৰ কথা ক’ব নোৱাৰে। ইয়াৰ পিছত তেওঁ বিশ্বৰ বিভিন্ন গন্তব্যস্থানত খাদ্য উপভোগ কৰাৰ কিছুমান ছবি শ্বেয়াৰ কৰে।

আইচক্ৰীম আৰু চকলেটৰ মাজৰ পৰা এটা বাছি ল’বলৈ কোৱাত স্পষ্ট কৰি দিলে ভূমিয়ে। উত্তৰত লিখিছে, ‘ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত আইচক্ৰীম খাব পাৰি।’ আন এজন অনুৰাগীয়ে ভূমি পেডনেকাৰৰ পৰা জানিব বিচাৰিছিল, “সাধাৰণতে দিনত কি খায়?” অভিনেত্ৰীগৰাকীয়ে একাধিক ছবি শ্বেয়াৰ কৰে আৰু কাম কৰি থকা দিনবোৰত তেওঁৰ খাদ্যৰ পছন্দৰ বিষয়ে ব্যাখ্যা কৰিছে। বিলাহীৰ চাটনিৰ সৈতে কিছু দৈ-ভাত, জামু-কলৰ টুকুৰা- কুমলীয়া ডালিম আৰু ছাবজাৰ গুটি থকা বাটি এটা ফটোত দেখা যায়। ইয়াৰ উপৰিও কিছুমান ফ্ৰেন্স ফ্ৰাইৰ লগত প্ৰচুৰ পৰিমাণে বীন, গাজৰ, ব্ৰকলি আদি শাক-পাচলি দেখা গৈছে। ভূমি পেডনেকাৰে দৈনন্দিন খাদ্যাভ্যাসত স্বাস্থ্যৰ সৈতে ৰুচিৰ ভাৰসাম্য ৰক্ষা কৰাটো স্পষ্ট। প্ৰতি আঠ দিনৰ মূৰে মূৰে এটা স্বাস্থ্যৰ ক্ষতিকাৰক কিন্তু মুখৰোচক খাদ্য তেওঁ খোৱাৰ কথাও কয়। তেওঁ নিজকে খাদ্যপ্ৰেমী বুলি কয় যদিও নিৰামিষভোজী হোৱাটো জীৱনৰ শ্ৰেষ্ঠ সিদ্দান্ত বুলিও স্বীকাৰ কৰে।

You might also like