নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেছ চেম্বাৰত ৰখাতকৈ হত্যা কৰক দিল্লীৰ জনতাক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে পথাৰৰ নৰা জ্বলোৱা কাৰ্য ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক তীব্ৰ ককৰ্থনা কৰে । আনহাতে , দিল্লী-এন চি আৰৰ বায়ুৰ মান উন্নত কৰিব নোৱৰা বাবে কেন্দ্ৰীয় চৰকাৰকো ভৎসনা কৰে । ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও নৰা জ্বলোৱা বন্ধ কৰিব নোৱৰাত পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সৰ্বোচ্চ ন্যায়ালয় । দিল্লীৰ বায়ুৰ মান উন্নত কৰাত ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰক সোমবাৰে ন্যায়ালয়ে প্ৰশ্ন কৰে- ‘গেছ চেম্বাৰৰ ভিতৰত জনতাক জীয়াই থাকিবলৈ কিয় বাধ্য কৰোৱা হৈছে ? ‘ কেন্দ্ৰীয় চৰকাৰৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে কয় – ‘১৫ বেগ বিস্ফোৰক লৈ আনক আৰু সকলোকে একেলগে হত্যা কৰক । কিয় জনতাই এই সকলো সহ্য কৰিব লগা হৈছে ?’ কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক সোমবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দিল্লীৰ চাৰিওফালে স্থায়ী ৰূপত অহা দহ দিনৰ ভিতৰত বায়ু পৰিশোধক টাৱাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ।

You might also like