নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ পোহৰ দেখিয়েই ক’ৰোনাত আক্ৰান্ত হ’ল এটি নৱজাতক

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এটি নৱজাতক । বুধবাৰে য়ুহান চহৰত জন্ম হোৱা এটি নৱজাতকৰ শৰীৰত জন্মৰ ঠিক ৩০ ঘণ্টাৰ পাছতেই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে । এনেদৰে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা এই নৱজাতকটিক সকলোতকৈ কম বয়সীয়া ৰোগী বুলি চিনাক্ত কৰা হৈছে ।

ইপিনে এক মিডিয়া ৰিপ’ৰ্টৰ মতে এই নৱজাতকটিৰ মাকৰ গৰ্ভত থকা অৱস্থাত বা জন্ম হোৱাৰ সময়তে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । দৰাচলতে নৱজাতকটিৰ জন্মদাত্ৰী মাকো এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য প্ৰকাশ পাইছে ।

উল্লেখ্য যে চীনত বৃহস্পতিবাৰ পৰ্যন্ত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৬৩ লৈ বৃদ্ধি পাইছে । লগতে সমগ্ৰ বিশ্বতে প্ৰায় ২৮,০১৮ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছে ।

You might also like