নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ সৈতে ১০খন বুজাবুজি চুক্তিত স্বাক্ষৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ভাৰত আৰু ম্যানমাৰে বৃহস্পতিবাৰে ১০ খনকৈ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷ ইয়াৰ ভিতৰত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে পানী যোগান ব্যৱস্থা, সৌৰ শক্তিৰে বিদ্যুৎ যোগান, ৰাখিনী জিলাত পথ আৰু বিদ্যালয় নির্মাণ আদিয়ে৷

কালি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ম্যানমাৰৰ ৰাষ্ট্রপতি ইউ উইন মায়েন্তে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত এই চুক্তিত স্বাক্ষৰ কৰে৷ উল্লেখ্য যে যোৱা মাহত ভাৰতে চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰলৈ নুডলছ, ৰহৰ দাইল, বুটৰ দাইল, চয়া তেল, চিলি পাউদাৰ আৰু এনে বহু সামগ্রী ম্যানমাৰৰ ৰাখিনী জিলালৈ সাহায্য হিচাপে প্রেৰণ কৰিছিল৷ ইয়াৰ পূর্বে ২০১৭ চনৰ ডিচেম্বৰ মাহতো ভাৰত আৰু ম্যানমাৰৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল৷  ম্যানমাৰৰ ৰাষ্ট্রপতি মায়েন্তে তেওঁৰ পত্নী ডাউ চ’ চ’ৰ সৈতে চাৰিদিনীয়া কার্যসূচীৰে ভাৰতলৈ আহিছে৷ দিনটোৰ প্রথম ভাগত ৰাষ্ট্রপতিজনে ভাৰতৰ বিদেশ মন্ত্রী এছ জয় শংকৰক সাক্ষাৎ কৰে আৰু ৰাষ্ট্রপতি ভৱনতো বিশেষভাৱে আদৰণি জনোৱা হয়৷ তেওঁ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like