নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত ক’ভিড আতংক; ক্রুইজ জাহাজত আক্রান্ত ৮০০ যাত্রী

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ : অষ্ট্রেলিয়াৰ ৰাজধানী ছিডনীৰ বন্দৰত মেজেষ্ট্রিক প্রিঞ্চেছ ক্রুইজ জাহাজত ৮০০ যাত্রী ক’ভিড–১৯ত আক্রান্ত হোৱাক লৈ সমগ্র দেশখনতে আতংকৰ সৃষ্টি হৈছে৷ দেশখনৰ গৃহ পৰিক্রমা মন্ত্রীয়ে আজি অতি বিপজ্জনক এই ঘটনা সন্দর্ভত মন্তব্য কৰি ৰাজহুৱা স্থানত ক’ভিড–১৯ প্রট’কল মানি চলিবলৈ আহ্বান জনাইছে৷

উল্লেখ্য যে নিউ ছাউথৱেলছত ২০২০ চনত ৰুবী প্রিঞ্চেছ ক্রুইজ জাহাজত ৯১৪জন যাত্রী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লগতে ২৮জনৰ মৃত্যু হৈছিল৷ এই ঘটনাৰেই পুনৰাবৃত্তি ছিডনীৰ বন্দৰৰ প্রিঞ্চেছ ক্রুইজ জাহাজত সংঘটিত হোৱা বুলি গৃহ মন্ত্রালয়ে শংকা ব্যক্ত কৰিছে৷ কার্নিভেল অষ্ট্রেলিয়া নামৰ কোম্পানীটোৰ দ্বাৰা পৰিচালিত প্রিঞ্চেছ ক্রুইজ জাহাজখনত ৮০০ যাত্রীৰ দেহত ক’ভিড–১৯ মাৰাত্মক ভাইৰাছ চিনাক্ত হোৱাৰ পিছত কোম্পানীটোৱে সকলো ক্রুইজ জাহাজক মাৰাত্মক ভাইৰাছটোক লৈ সতর্ক আৰু সজাগ হ’বলৈ নির্দেশ দিছে৷ মন কৰিবলগীয়া যে শেহতীয়াভাৱে অষ্ট্রেলিয়াত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷

You might also like