নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ টাছমানিয়াত ১১৫টা তিমিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: অষ্ট্রেলিয়াৰ টাছমানিয়া দ্বীপৰ পশ্চিম প্রান্তৰ উপকূলত তৰাং পানীত আবদ্ধ হৈ পৰিছে ২৩০টা দুপ্রাপ্য প্রজাতিৰ তিমি৷ দেশখনৰ প্রাণীবিজ্ঞানীসকলে টাছমানিয়াৰ বলুকাৰাশিৰ সমীপত আবদ্ধ হৈ পৰা এই তিমিবোৰ দুষ্প্রাপ্য প্রজাতিৰ পাইলট তিমি বুলি অভিহিত কৰিছে৷ উল্লেখনীয় যে ইয়াৰ আধাসংখ্যক তিমিৰ ইতিমধ্যে মৃত্যু হৈছে৷ টাছমানিয়া মেককুৱাৰি হার্বাৰৰ বলুকাৰাশিলৈ কিয় তিমিবোৰ গভীৰ পানীৰ পৰা উঠি আহিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ দুবছৰ পূর্বেও অষ্ট্রেলিয়াত এনেদৰে সমুদ্রৰ উপকূলত আবদ্ধ হৈ পৰা বহু তিমিৰ মৃত্যু হৈছিল৷ উল্লেখনীয় যে কালি কিং আইলেণ্ডত ১৪টা মৃত তিমি উদ্ধাৰ হোৱাৰ পিছতে সমগ্র অঞ্চলটোত অভিযান চলায় টাছমানিয়াৰ প্রাকৃতিক সম্পদ তথা পৰিৱেশ বিভাগে৷

স্থানীয় লোকসকলে কালি গোটেই নিশা এই তিমিবোৰক জীৱিত অৱস্থাত ৰখাৰ বাবে চেষ্টা চলায় যদিও অতি কম পানীত আবদ্ধ হৈ পৰা প্রায় ১১৫টা তিমিৰ মৃত্যু হৈছে৷ ইফালে, জীৱিত অৱস্থাত থকা তিমিবোৰক পুনৰ গভীৰ পানীলৈ প্রেৰণ কৰাৰ বাবেও চেষ্টা চলাইছে প্রশাসনে৷ দুষ্প্রাপ্য প্রজাতিৰ এই তিমিবোৰ কিয় সমুদ্রৰ তীৰলৈ উঠি আহে সেই সন্দর্ভত কোনো তথ্য সদৰী কৰিব পৰা নাই প্রাণী বিজ্ঞানীসকলে৷ প্রাণী বিজ্ঞানী ভানেছা প্রিট’ৰিয়াই সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি গভীৰ জলৰাশিৰ পৰা ভুল দিশত বিচৰণ কৰিয়েই এনেদৰে উপকূলৰ বলুকাৰাশিলৈ উঠি আহিছে তিমিবোৰ৷ ইফালে, এই ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like