নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রতিভাৱান ক্রিকেটাৰৰ অভাৱ নাই: দ্রাবিড়

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: অষ্ট্রেলিয়াক পৰাজিত কৰাৰ পাছত ঘৰুৱা শৃংখলাত দক্ষিণ আফ্রিকাৰ বিপক্ষে জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে ভাৰতীয় দলৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ আজি ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত বর্ষাপাৰা এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা শৃংখলাৰ দ্বিতীয়খন টি–২০ মেচৰ পূর্বে অনুষ্ঠিত সংবাদ মেলত দ্রাবিড়ে কয় যে আজি মেচখনত জয়লাভ কৰিবলৈ টীম ইণ্ডিয়া বদ্ধপৰিকৰ৷ অপ্রত্যাশিতভাৱে দলৰ সুদক্ষ বলাৰ যশপ্রীত বুমৰাহ অবিহনে ভাৰতে আজিৰ মেচখনতো জয়লাভ কৰি শৃংখলা জয় কৰিবলৈ সক্ষম হ’ব বুলি প্রশিক্ষকগৰাকীয়ে আশা কৰিছে৷ অৱশ্যে দলৰ অন্যতম পেচবলাৰগৰাকী বিশ্বকাপৰ পূর্বে সুস্থ হৈ উঠিব বুলি দ্রাবিড়ে সম্ভাৱনা ব্যক্ত কৰিছে৷ তেওঁ কয়, ‘দক্ষিণ আফ্রিকা শৃংখলাৰ পৰা বুমৰাহ বাহিৰ হৈছে আৰু তেওঁ ৰাষ্ট্রীয় ক্রিকেট একাডেমী পুনৰবাসনৰ বাবে চেষ্টা চলাই আছে৷ চৰকাৰীভাৱে এই শৃংখলাত বুমৰাহ নাই যদিও পৰৱর্তী কেইদিনমানত তেওঁৰ বিষয়ে সঠিক তথ্য জানিব পৰা যাব৷ যেতিয়ালৈ চিকিৎসকে তেওঁ বিশ্বকাপত খেলিব নোৱাৰিব বুলি সদৰী নকৰে তেতিয়ালৈ মই আশা এৰি নিদিওঁ৷’

ইপিনে বর্ষাপাৰাৰ ক্রিকেট গ্রাউণ্ডক লৈ সন্তুষ্টি প্রকাশ কৰিছে দ্রাবিড়ে৷ আনহাতে শাৰদীয় দুর্গাপূজাৰ উলহ–মালহে গুৱাহাটীত তিৰুৱনন্তপুৰমতক্ এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়৷ প্রশিক্ষকগৰাকীয়ে সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত কয় যে অসমত ক্রিকেট প্রতিভাৰ অভাৱ নাই৷ ৰিয়ান পৰাগৰ নিচিনা বহু ক্রিকেটাৰ ৰাজ্যখনত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱর্তী সময়ত নিশ্চয় আৰু বহু খেলুৱৈ ওলাই আহিব৷

You might also like