নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন গ্রহত বসবাসৰ বাবে প্রশিক্ষণ আৰম্ভ হ’ল ১২ মহাকাশচাৰীৰ

নিয়মীয়া বাৰ্তা, ১৭ মে’: পৃথিৱীৰ বাহিৰে আন গ্রহত বসবাসৰ বাবে কঠোৰ প্রশিক্ষণ আৰম্ভ হ’ল ১২ মহাকাশচাৰীৰ৷ পৃথিৱীৰ দক্ষিণ মেৰুৰ পৰা মাত্র কেই কিলোমিটাৰমান নিলগত এণ্টার্কটিকাত স্থাপন কৰা কনকর্ডিয়াত ১২ মহাকাশচাৰীয়ে দুর্গম পৰিস্থিতি অর্থাৎ চাৰি মাহ ৰাতি হৈ থকা সময়ছোৱাত প্রশিক্ষণ সমাপ্ত কৰিব৷ ইউৰোপীয়ান স্পেচ এজেঞ্চী, চমুকৈ এ এছ এৰ দ্বাৰা পৰিচালিত পৃথিৱীৰ অতি দুর্গম অঞ্চলত স্থাপন কৰা কনকর্ডিয়াত ১২ মহাকাশচাৰীৰ বাবে ইতিমধ্যে যোৱা ফেব্রুৱাৰী মাহতে অন্তিমখন বিমানযোগে সকলো সা–সামগ্রী যোগান ধৰা হৈছে৷ মাইনাছ ৮০ ডিগ্রী চেলছিয়াছৰ মাজত থকা কনকর্ডিয়াত ১২ মহাকাশচাৰীয়ে অন্ধকাৰৰ মাজত চাৰি মাহ প্রশিক্ষণ চলাব লাগিব৷

মন কৰিবলগীয়া যে যোৱা ১৩ মে’ত সূর্যাস্ত হৈছে আৰু চাৰি মাহৰ পিছতহে এই অঞ্চলটোত সূর্যোদয় হ’ব৷ এই সময়ছোৱাত কনকর্ডিয়ালৈ কোনোধৰণৰ প্রত্যক্ষ যোগাযোগ সম্ভৱ নহ’ব৷ গুৰুত্বপূর্ণ যে এনে দুর্গম পৰিস্থিতিত ১২ মহাকাশচাৰীয়ে প্রশিক্ষণ সমাপন কৰিব পাৰিলেই মানৱ জাতি আন গ্রহত গৈ বসবাস কৰাৰ সম্ভাৱনা প্রকট হৈ উঠিব৷ ফ্রান্স প’লাৰ ইনষ্টিটিউট আৰু ইটালীয়ান এণ্টাৰটিক প্রগ্রেমৰ সমন্বয়ক ই এছ এ–ই কনকর্ডিয়া স্থাপন কৰিছে৷ ইটালী, ফ্রান্সৰ গৱেষক বিজ্ঞানীৰ লগতে ছুইডেনৰ ছুপাৰভাইজাৰ ড০ জন হেগছনে এই প্রশিক্ষণত অংশ লৈছে৷

You might also like