নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত পুনৰ মৃদু ভূমিকম্পৰ জোকাৰণি নিহতৰ সংখ্যা ১১৫০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বুধবাৰে ৬.১ প্রাবল্যৰ ভূমিকম্পই আফগানিস্তানৰ ঘোষ্ট আৰু পাকটিকা প্রদেশ বিধ্বস্ত কৰাৰ পিছত আজি পুনৰ দেশখনৰ পূব প্রান্তত মৃদু ভূমিকম্পই জোকাৰি যায়৷ এই ভূমিকম্পৰ ফলত অতি কমেও পাঁচজন লোকৰ মৃত্যু ঘটিছে৷ ইপিনে, যোৱা বুধবাৰৰ বিধ্বংসী ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১১৫০জনলৈ বৃদ্ধি পাইছে৷ এই ভূমিকম্পত ১০ সহস্রাধিক বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ৩ হাজাৰতকৈ অধিক বাসগৃহ সম্পূর্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱাত কেইবাহাজাৰ লোক গৃহহীন হৈ পৰিছে৷

আনপিনে ভূমিকম্পটোত আহতৰ সংখ্যাও ১৬০০লৈ বৃদ্ধি পাইছে৷ ভূমিকম্পৰ ফলত দুর্দশাগ্রস্ত অঞ্চলত সহায়ৰ বাবে ইতিমধ্যে আফগানিস্তানত বিভিন্ন দেশে সাহায্য সামগ্রী প্রেৰণ কৰিছে৷ জার্মানী, নৰৱকে ধৰি কেইবাখনো দেশে সাহায্য সামগ্রী পঠিওৱাৰ ঘোষণা কৰাৰ লগতে ভাৰতেও এইক্ষেত্রত সহায় আগবঢ়াব বুলি প্রকাশ কৰিছে৷

মন কৰিবলগীয়া যে ইতিমধ্যে পাকিস্তান, ইৰান, কাটাৰ আদিৰ পৰা সাহায্য সামগ্রী কাবুল আহি পাইছে৷ তালিবানে ক্ষমতা দখল কৰাৰ পিছত আফগানিস্তানৰ অর্থনৈতিক স্থিতি অতিকে ভয়াৱহ হৈ উঠিছে৷ এনে সময়তে প্রাকৃতিক দুর্যোগে আন এক সংকটৰ গৰাহলৈ ঠেলি দিছে তালিবান চৰকাৰখনক৷

You might also like