নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ বিৰুদ্ধে পৰমাণু অস্ত্র সাজু কৰিব কিমে

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ উত্তৰ কোৰিয়াই যিকোনো মুহূর্ততে সাজু কৰিব পাৰমাণৱিক বাহিনীক৷ দেশখনে শত্রুৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্র সাজু কৰিব বুলি শীর্ষনেতা কিম জং–উনে দাবী কৰিছে৷ কোৰিয়া যুদ্ধৰ স্মাৰক দিৱসত কট্টৰ কমিউনিষ্ট দেশখনৰ শীর্ষ নেতাগৰাকীয়ে কয় যে পৰমাণু বাহিনী যিকোনো মুহূর্ততে সাজু হ’ব৷ আমেৰিকাৰ সৈতে পৰমাণু যুদ্ধত জড়িত হৈ পৰিব পৰা শক্তি ইতিমধ্যে উত্তৰ কোৰিয়াই সঞ্চয় কৰিছে বুলি ঘোষণা কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ স্মর্তব্য যে উত্তৰ কোৰিয়াই সপ্তমটো পৰমাণু অস্ত্রৰ পৰীক্ষা চলাব পাৰে বুলি আমেৰিকাই সতর্কবাণী কৰাৰ পাছতে কিম জং–উনে এই ঘোষণা কৰাৰ লগে লগে বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷

You might also like