নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ বিৰুদ্ধে ৰাসায়নিক যুদ্ধৰ পৰিকল্পনা আছিল ওচামা বিন লাডেনৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: আমেৰিকাত ৯/১১ত বিশ্ব বাণিজ্য কেন্দ্রৰ যমজ দুর্গ ধ্বংস কৰা আল–কায়দাৰ মুৰব্বী ওচামা বিন লাডেনৰ অধিক আক্রমণৰ পৰিকল্পনা আছিল৷ আমেৰিকাত লাহে লাহে ভয়ংকৰ আক্রমণ চলাই যোৱাৰ পৰিকল্পনা গ্রহণ কৰিছিল কুখ্যাত সন্ত্রাসবাদী নেতা লাডেনে৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই তথ্য সদৰী কৰিছে স্বয়ং ওচামাৰ পুত্র ওমৰ বিন লাডেনে৷ ওমৰে উল্লেখ কৰা অনুসৰি, বিশ্ব বাণিজ্য কেন্দ্রত আক্রমণৰ পূর্বে বৃহৎ আক্রমণৰ পৰিকল্পনা চলাইছিল লাডেনে৷ লক্ষাধিক লোকৰ প্রাণহানিৰ বাবে ৰাসায়নিক আক্রমণৰ পৰিকল্পনা চলাইছিল লাডেনে৷ অৱশ্যে লাডেনৰ সেই ৰাসায়নিক যুদ্ধ বাস্তৱায়িত নহ’ল৷ এই ক্ষেত্রত লাডেন সফল হোৱা হ’লে আমেৰিকাজুৰি ৰক্তপ্লাৱন সৃষ্টি হ’লহেঁতেন৷ পিতৃৰ এনে আক্রমণৰ পৰিকল্পনাৰ কথা ওমৰে জানিবলৈ সক্ষম হৈছিল বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে৷

You might also like