নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আসাম মাংগে আজাদী শ্লগানেৰে উত্তাল পৰিৱেশ কিন্তু ক’ত ?

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েলৰ ওচৰত কেইবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰই বুধবাৰে ধৰ্ণা প্ৰদৰ্শন কৰে। ধৰ্ণা কাৰ্যসূচীত অসম আৰু কাশ্মীৰৰ স্বাধীনতাৰ বাবে শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে। ছাত্ৰ সকলৰ বেনাৰত লিখা আছিল হিন্দু ৰাষ্ট্ৰ ধৰ্ষণ কাৰী। ছাত্ৰ সকলে বিজেপিৰ সাংসদ স্বপ্ৰদাস গুপ্তা আৰু বিশ্বভাৰতী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চক্ৰৱৰ্তী ৰ বিৰোধে প্ৰদৰ্শন কৰিছিল। বিক্ষোভ প্ৰদৰ্শন কাৰী সকলে বুধবাৰে ভিক্টোৰিয়া মেমৰিয়েলত অনুষ্ঠিত হৈ থকা ভাৰত মাতা জাগৰণ শীৰ্ষক কাৰ্যসূচীৰ বিৰুদ্ধেও বিক্ষোভ প্ৰদৰ্শন কৰিছিল। উল্লেখ্য যে এই প্ৰদৰ্শন কাৰ্যসূচীত যাদৱপুৰ বিশ্ববিদ্যালয় ছাত্ৰও উপস্থিত আছিল।

You might also like