নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন ত্যাগ কৰা শিক্ষার্থীক ৰাছিয়াই আদৰিব

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: ইউক্রেইন যুদ্ধৰ বাবে দেশখনত আধাতে শিক্ষা সামৰি গৃহভূমিলৈ ঘূৰি অহা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীসকলক ৰাছিয়াত পাঠ্যক্রম সম্পূর্ণ কৰাৰ সুযোগ দিয়া হ’ব৷ ইউক্রেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্রহণ কৰিবলৈ গৈ শিক্ষা সম্পূর্ণ কৰিব নোৱাৰা ভাৰতীয় শিক্ষার্থীসকলক এই সাহায্য প্রদান কৰাৰ প্রস্তাৱ আগবঢ়াইছে ক্রেমলিন প্রশাসনে৷ কালি ৰাছিয়াৰ ৰাষ্ট্রদূত ওলেগ এভডিভে ভাৰতীয় শিক্ষার্থীসকলক ৰাছিয়াত আদৰণি জনোৱা হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে ৰাছিয়া–ইউক্রেইন যুদ্ধৰ ফলত দেশ এৰিবলৈ বাধ্য হৈছিল ভাৰতৰ বহু শিক্ষার্থী তথা অন্যান্য পেছাৰ সৈতে জড়িত নাগৰিক৷ আটাইতকৈ বেছি ভাৰতীয় শিক্ষার্থী আছিল চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত৷ যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি প্রায় সকলো শিক্ষার্থীয়ে এতিয়া গৃহভূমিত আহি থাকিবলগীয়া হৈছে৷

You might also like