নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপাত থাকিব পাৰে ৰহস্যজনক এলিয়েন !

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ পৃথিৱীত উৰন্ত চাকি, এলিয়েন আদি বিভিন্ন নামেৰে অন্য গ্রহৰ প্রাণীক লৈ চলি আছে কৌতূহল৷ বিভিন্ন মহলে এই বিশ্বব্রহ্মাণ্ডত পৃথিৱীবাসী অকলশৰীয়া নেকি তাক লৈও প্রকাশ কৰি আহিছে নিজ নিজ মতামত৷ শেহতীয়াকৈ বৃহস্পতিৰ উপগ্রহ ইউৰোপাত এলিয়েনৰ উপস্থিতি থাকিব পাৰে বুলি জ্যোতির্বিজ্ঞানীসকলৰ্ মাজত সৃষ্টি হৈছে কৌতূহল৷ বৃহস্পতিৰ চাৰিটা উপগ্রহৰ ভিতৰত ইউৰোপা হৈছে আটাইতকৈ সৰু৷ এই উপগ্রহটোক গেলিয়ান উপগ্রহ বুলিও জনা যায়৷ কাৰণ ১৬১০ চনত গেলিলিও গেলিলিয়ে এই উপগ্রহটো আৱিষ্কাৰ কৰিছিল৷

উল্লেখনীয় যে আমাৰ সৌৰজগতৰ গ্রহ–উপগ্রহসমূহ সৈতে বৈসাদৃশ্য আছে ইউৰোপাৰ৷ ১৯৭০ৰ শেষভাগত মহাকাশ যান ভয়েজাৰে ইউৰোপাৰ কাষেৰে অতিক্রম কৰিছিল৷ তেতিয়াই এই সৰু উপগ্রহটোত জুলীয়া পানীৰ উপস্থিতি থকা বুলি ধাৰণা কৰা হৈছিল৷ আনকি বৰফীয় মহাসাগৰ ইয়াত থকা বুলিও তেতিয়াই ধাৰণা কৰা হৈছিল৷ গতিকে ইয়াত এলিয়েনৰ উপস্থিতি থাকিব পাৰে বুলি একাংশ জ্যোতির্বিজ্ঞানীয়ে চর্চা চলাই আহিছে৷

You might also like