নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলত ধৰা পৰিল ক’ৰোনাৰ দুটা নতুন প্রকৰণ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: ভাৰতত পুনৰ বৃদ্ধি পাইছে ক’ভিডত আক্রান্তৰ সংখ্যা৷ ইয়াৰ মাজতে ইজৰাইলত ক’ৰোনাৰ দুটা নতুন প্রকৰণ ধৰা পৰাৰ লগে লগে আশংকা বৃদ্ধি পাইছে৷ একেবাৰে নতুন এই প্রকৰণ দুটা অ’মিক্রনৰ সমগোত্রীয় বুলি ধাৰণা কৰিছে ইজৰাইলৰ চিকিৎসকসকলে৷ বিমানবন্দৰত দুগৰাকী যাত্রীৰ আৰটি–পিচিআৰ পৰীক্ষা কৰোৱাৰ পাছতে তেওঁলোকৰ শৰীৰত নতুন প্রকৰণ ধৰা পৰিছে৷ লক্ষণীয়ভাৱে ইজৰাইলত অ’মিক্রন প্রকৰণৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এই নতুন প্রকৰণৰ ক’ৰোনাৰ উপস্থিতি ধৰা পৰাৰ লগে লগে দেশখনৰ চিকিৎসকসকলৰ মাজত সৃষ্টি হৈছে ইয়াক প্রতিৰোধৰ বিশেষ তৎপৰতা৷ বেন গুৰিয়ন বিমানবন্দৰত দুগৰাকী যাত্রীৰ দেহত এই নতুন প্রকৰণ ধৰা পৰে৷

You might also like