নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ পিছতে পাকলৈ উভতিব পাৰে নৱাজ শ্বৰীফ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ঈদৰ পিছতে দেশলৈ উভতিব পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ৷ শ্বৰীফৰ দল পিএমএল–এনৰ তৰফৰ পৰা আজি এই কথা সদৰী কৰা হৈছে৷ দলটোৰ নেতা জাভেদ লটিফে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ ইতিমধ্যে শ্বৰীফক গৃহভূমিলৈ ওভতাই অনাৰ যাৱতীয় প্রক্রিয়া আৰম্ভ হৈছে৷ নৱাজ শ্বৰীফ পাকিস্তানলৈ উভতিলে দেশখনৰ ৰাজনীতিলৈ নতুন পৰিৱর্তন আহিব বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে৷

You might also like