নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেৰাহে তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং

নিয়মীয়া বাৰ্তা, ১১ মার্চ: একেৰাহে তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হ’ল ঝি জিনপিং৷ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্র চীনৰ তৃতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ ঝি জিনপিঙে ইতিহাস গঢ়িলে৷ চীনৰ পিতৃস্বৰূপ, কমিউনিষ্ট পার্টী অৱ চাইনাৰ প্রতিষ্ঠাতা মাও জেদঙৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে দেশখনৰ ৰাষ্ট্রপতি হিচাপে অধিষ্ঠিত হৈ জিনপিঙে নতুন ইতিহাস ৰচিলে৷ বেইজিঙত আয়োজিত চতুর্দশ নেচনেল পিপলছ কংগ্রেছত সর্বসন্মতিক্রমে ঝি জিনপিঙক পিপলছ ৰিপাব্লিক অৱ চাইনা (পিআৰচি)ৰ সভাপতি আৰু চেণ্ড্রেল মিলিটাৰী কমিছন (চি এম চি)ৰ অধ্যক্ষ হিচাপে নির্বাচিত কৰাৰ লগে লগে পৰৱর্তী পাঁচ বছৰৰ বাবে জিনপিং ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হয়৷ ৬৯ বছৰীয়া ঝি জিনপিঙে দ্বিতীয়টো কার্যকালৰ বাবে নির্বাচিত হোৱাৰ পাছত দেশখনৰ সংসদে পুনৰ তৃতীয়টো কার্যকালৰ বাবে নির্বাচিত হোৱাটো নিশ্চিত হৈ আছিল৷ সেইমর্মেই তিনি সহস্রাধিক সাংসদৰ সংসদে চতুর্দশ নেচনেল পিপলছ কংগ্রেছত সর্বসন্মতিক্রমে পি আৰ চিৰ সভাপতি আৰু চি এম চিৰ অধ্যক্ষ হিচাপে ঝি জিনপিঙক নির্বাচিত কৰে৷ নেচনেল পিপলছ কংগ্রেছত তৃতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত নির্বাচিত হোৱা ঝি জিনপিঙে অহা ১৩ মে’ত আনুষ্ঠানিকভাৱে সংবাদ মেলযোগে দেশবাসীক ৰাষ্ট্রপতি হিচাপে সম্বোধন কৰিব৷

You might also like