নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰত এলন মাস্কৰ লোকচান ১৮,২০০ কোটি মাৰ্কিন ডলাৰ

নিয়মীয়া বাৰ্তা,১১জানুৱাৰী: বিশ্বৰ ইতিহাসত সর্বাধিক লোকচানৰ সন্মুখীন হ’লেও ১ নম্বৰ ধনাঢ়্য ব্যক্তি টেছলা স্পেচ এক্সৰ চিই’ এলন মাস্ক৷ ৩২০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী হৈ বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ তালিকাৰ শীর্ষস্থানত থকা টেছলাৰ মুৰব্বী এলন মাস্কে ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰাই বৃহৎ লোকচানৰ সন্মুখীন হৈ আহিছে৷ তথ্য মতে, ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা লোকচানৰ সন্মুখীন হৈ অহা টেছলাৰ মুৰব্বী মাস্কৰ লোকচানৰ পৰিমাণ ১৮২ বিলিয়ন মার্কিন ডলাৰ তথা ১৮,২০০ কোটি মার্কিন ডলাৰ৷ ইতিহাসত সর্বাধিক লোকচানৰ সন্মুখীন হৈও মাস্কে বিশ্বৰ এক নম্বৰ ধনাঢ়্য ব্যক্তি হিচাপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ২০২৩ চনৰ প্রাৰম্ভত ফর্বছে প্রকাশ কৰা ধনাঢ়্য ব্যক্তিৰ তালিকাত মাস্কে ১৯০ বিলিয়ন মার্কিন ডলাৰেৰে শীর্ষস্থানত আছে৷ উল্লেখ্য যে ব্যক্তিগত সম্পত্তি লোকচানৰ ক্ষেত্রত এলন মাস্কে নতুন গিনীজ ৱর্ল্ড ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে৷ গিনীজ ৱর্ল্ড ৰেকর্ডৰ মতে মাস্কে ২০২১ চনৰ নৱেম্বৰৰ পৰা এতিয়ালৈকে ১৮২ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছে যদিও আন এক তথ্য মতে মাস্কে ২০০ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছে৷ ২০০০ চনত জাপানৰ প্রযুক্তি বিনিয়োগকাৰী মায়ায়’ছি ছনে অভিলেখসংখ্যক ৫৮.৬ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছিল৷ ২২ বছৰৰ মূৰকত জাপানৰ বিনিয়োগকাৰীৰ সর্বাধিক লোকচানৰ অভিলেখ ভংগ কৰি এলন মাস্কে ১৮২ বিলিয়ন মার্কিন ডলাৰ লোকচানেৰে নতুন অভিলেখ গঢ়িলে৷ দ্য হিল নামৰ সংবাদ মাধ্যমত প্রকাশ পোৱা তথ্য অনুসৰি ৩২০ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ পৰা এলন মাস্কৰ ১৮২ বিলিয়ন মার্কিন ডলাৰ লোকচান হৈছে৷ এই লোকচানৰ মূল কাৰণ হৈছে টেছলাৰ শ্বেয়াৰ বজাৰৰ মূল্য হ্রাস৷ তদুপৰি মাস্কে টেছলাৰ শ্বেয়াৰ ৭ বিলিয়ন মার্কিন ডলাৰ বিক্রী কৰিছিল৷ টুইটাৰ ক্রয় কৰিবলৈ মাস্কে টেছলাৰ শ্বেয়াৰ বিক্রী কৰি লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে ২০২২ বর্ষৰ ডিচেম্বৰ মাহত মাস্কে টেছলাৰ শ্বেয়াৰ ৩.৫৮ বিলিয়ন মার্কিন ডলাৰ পুনৰ বিক্রী কৰাত টেছলাৰ মুৰব্বীগৰাকীয়ে বিক্রী কৰা শ্বেয়াৰৰ মূল্য ২৩ বিলিয়ন মার্কিন ডলাৰ হয়৷ মন কৰিবলগীয়া যে ফ্রান্সৰ বার্নার্ড আর্নল্টে টেছলাৰ মুৰব্বী মাস্কক অতিক্রম কৰি ধনাঢ়্য ব্যক্তিৰ তালিকাত শীর্ষস্থান পাব বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়া ফবর্ছৰ তালিকাত মাস্কৰ সম্পত্তিৰ পৰিমাণ ১৯০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাই শীর্ষস্থান লাভ কৰে৷ ধনাঢ়্য ব্যক্তিৰ তালিকাত ১৪৪ বিলিয়ন মার্কিন ডলাৰেৰে দ্বিতীয় স্থানত বার্নার্ড আর্নল্ট, তৃতীয় স্থানত ১৩৩ বিলিয়ন মার্কিন ডলাৰেৰে ভাৰতীয় উদ্যোগপতি গৌতম আদানি, ১১৪ বিলিয়ন মার্কিন ডলাৰেৰে চতুর্থ স্থানত জেফ বেজছ, ১০৭ বিলিয়ন মার্কিন ডলাৰেৰে পঞ্চম স্থানত বিল গেটছ, ১০০ বিলিয়ন মার্কিন ডলাৰেৰে ষষ্ঠ স্থানত ৱাৰেন বাফেট, ৯০.৯ বিলিয়ন মার্কিন ডলাৰেৰে সপ্তম স্থানত লেৰি এলিছন, ৮৯ বিলিয়ন মার্কিন ডলাৰেৰে অষ্টম স্থানত ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানি, ৮১.৪ বিলিয়ন মার্কিন ডলাৰেৰে নৱম স্থানত লেৰি পেজ আৰু ৭৯.৭ বিলিয়ন মার্কিন ডলাৰেৰে দশম স্থানত ষ্টিভ ৱালমেৰ৷ লক্ষণীয় যে শীর্ষ ১০ স্থানৰ ধনাঢ়্য ব্যক্তিৰ তালিকাত বিগত বর্ষৰ তুলনাত ১০০ বিলিয়ন মার্কিন ডলাৰতকৈ কম সম্পত্তি থকা ব্যক্তিয়ে স্থান লাভ কৰিছে৷

You might also like