নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ নতুন প্রকৰণ ‘এক্স ই’ক লৈ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ভিড–১৯ৰ নতুন প্রকৰণ ‘এক্স ই’ক লৈ সতর্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্বৰ দেশসমূহলৈ ক’ভিডৰ নতুন প্রকৰণক লৈ অধিক সজাগ হ’বলৈ সতর্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ নতুন প্রকৰণটোৰ নামকৰণ ‘এক্স ই’ কৰা হৈছে৷ দুটা ক’ভিড উপ–প্রকৰণৰ বর্ণসংকৰ এই নতুন ক’ভিড প্রকৰণটি৷ অমিক্রনৰ উপ–প্রকৰণ বিএ.১ আৰু বিএ.২ৰ বর্ণসংকৰ এক্স ই চিনাক্ত কৰা হৈছে গ্রেট ব্রিটেইনত৷

নতুন এই প্রকৰণটিৰ সংক্রমণৰ হাৰ বিএ.২তকৈ তুলনামূলক হাৰত ১০ শতাংশ বেছি৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ অতি সংক্রমিত প্রকৰণ বিএ.২তকৈ তুলনামূলকভাৱে অধিক সংক্রমিত এক্স ইক লৈ বিশ্বৰ দেশসমূহ অধিক সজাগ হোৱাৰ প্রয়োজন আছে৷ সম্প্রতি বিশ্বৰ বিভিন্ন দেশত বিএ.২ উপ–প্রকৰণটিৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈ আছে৷ আমেৰিকা যুক্তৰাষ্ট্রত সংক্রমিত হোৱা অধিক লোকে বিএ.২ উপ–প্রকৰণত আক্রান্ত৷ ব্রিটেইন হেলথ ছিকিউৰিটী এজেঞ্চীৰ মুখ্য চিকিৎসা উপদেষ্টা সুচান হপকিন্সে প্রকাশ কৰা মতে, নতুন প্রকৰণ এক্স ইৰ সংক্রমণৰ লগতে এই প্রকৰণত আক্রান্তৰ দেহত ভেকচিনৰ ফলপ্রসূতা এতিয়াও জানিব পৰা হোৱা নাই৷ এনে পৰিপ্রেক্ষিতত নতুন প্রকৰণটোক লৈ বিশ্বৰ দেশ সজাগ আৰু সতর্ক হোৱাটো প্রয়োজনীয়৷

You might also like