নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন নিয়ম: কিমৰ দেশৰ শিশুৰ নাম ‘বোমা’–‘বন্দুক’–‘মিছাইল’

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে এইবাৰ জাৰি কৰিছে নতুন ফতোৱা৷ দেশখনত এতিয়াৰে পৰা শিশুসকলৰ নামৰ সৈতে জড়িত হৈ থাকিব দেশাত্মবোধ৷ দেশপ্রেমী নাম ৰাখিব লাগিব শিশুসকলৰ৷ এই নামবোৰ হ’ব ‘বন্দুক’, ‘বোমা’, ‘ছেটেলাইট’, ‘মিছাইল’ ইত্যাদি৷ এই বোমা, বন্দুক, ক্ষেপণাস্ত্র, ছেটেলাইট আদিৰেই দেশৰ হকে যুদ্ধ কৰিবলগীয়া হয় শত্রুৰ বিৰুদ্ধে৷ প্রশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে চৰকাৰী নির্দেশ পালন নকৰিলে কঠোৰ শাস্তি ভোগ কৰিব লাগিব৷ ইয়াৰ উপৰি বৃহৎ অংকৰ জৰিমনাও ভৰিব লাগিব নির্দেশ উলংঘা কৰা লোকে৷ উল্লেখনীয় যে উত্তৰ কোৰিয়াবাসীয়ে কিমৰ পূর্বৰ সকলো কঠোৰ নির্দেশ আখৰে আখৰে পালন কৰি আহিছে৷ এইবাৰ সমগ্র দেশবাসীকে যুদ্ধৰ নামেৰে সজাই তুলিব বিচাৰিছে ৰাষ্ট্র নেতাগৰাকীয়ে৷ ইয়াৰ পূর্বে শিশুসকলৰ নামৰ সৈতে প্রেম আৰু সৌন্দর্য জড়িত থাকিব লাগিব বুলি নির্দেশ দিছিল কিমে৷ এইবাৰ সম্পূর্ণ বিপৰীত স্থিতি গ্রহণ কৰিলে শীর্ষ নেতাগৰাকীয়ে৷

You might also like