নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বতৰৰ পূর্বাভাসত সমস্যা

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বতৰ বিজ্ঞান বিভাগে বতৰৰ আগজাননী দিয়াটো কঠিন হৈ পৰিছে৷ বিশ্বৰ বতৰ বিজ্ঞান সংস্থাসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বতৰ সন্দর্ভত ভৱিষ্যদ্বাণী কৰিব নোৱাৰা হৈছে৷ উল্লেখনীয় যে বতৰ সন্দর্ভত পর্যবেক্ষণৰ যি নেটৱর্ক আছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বিভিন্ন সময়ত সেয়া নিষ্ক্রিয় হৈ পৰে৷ শেহতীয়াকৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই এই কথা সদৰী কৰিছে৷ ১৯০১ চনৰ পৰা বর্ষাকালৰ বৃষ্টিপাত সন্দর্ভত ইতিমধ্যে ডিজিটেল ডাটা লাভ কৰিছে বতৰ বিজ্ঞান বিভাগে৷ দেশৰ উত্তৰ–পূব আৰু পূর্বোত্তৰত বৃষ্টিপাতৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ কিন্তু ৰাজস্থানৰ দৰে পশ্চিম প্রান্তত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে মহাপাত্রই৷ এয়া জলবায়ু পৰিৱর্তনৰ প্রভাৱ৷ অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিয়ে এনে প্রক্রিয়া ঘটাইছে৷

ইফালে, বিভিন্ন স্থানত মুষলধাৰ বৃষ্টিপাতৰ ঘটনা ঘটিছে যদিও বর্তমান সময়ত বতৰ বিজ্ঞান বিভাগে ইয়াৰ পূর্বাভাস দিবলৈ সক্ষম হোৱা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এনে সমস্যাৰ সন্মুখীন হৈছে জলবায়ু বিজ্ঞানীসকল৷ অকল ভাৰততেই নহয়, বিশ্বৰ সকলো দেশতে বতৰ বিজ্ঞান বিভাগে পূর্বৰ দৰে বতৰৰ পূর্বাভাস ১০০ শতাংশ শুদ্ধকৈ দিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মূল কাৰণ গোলকীয় উষ্ণতা বৃদ্ধি৷ অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ বতৰ বিজ্ঞানৰ পূর্বাভাস দিয়াৰ বাবে নতুন ব্যৱস্থা গ্রহণ কৰাৰ গত্যন্তৰ নাই বুলি ইংগিত দিছে মহাপাত্রই৷

You might also like