নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰৰ পিছত প্রথমবাৰলৈ দেখা গ’ল ম্যানমাৰৰ নেত্রী ছ্যু কীক

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ  যোৱা ১ ফেব্রুৱাৰীত ম্যানমাৰত সামৰিক বাহিনীয়ে অভ্যুত্থানৰ জৰিয়তে গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক উৎখাত কৰি ক্ষমতা দখল কৰাৰ পিছত  প্রথমবাৰলৈ অপসাৰিত নেত্রী আং ছান ছ্যু কীক ৰাজহুৱাকৈ দেখা গৈছে৷ সামৰিক চৰকাৰে নেত্রীগৰাকীৰ বিৰুদ্ধে তৰা গোচৰত আজি তেওঁ আদালতৰ সন্মুখীন হৈছে৷ ভিডি’ লিংকৰ জৰিয়তে আদালতৰ মুখামুখি হয় নেত্রীগৰাকী৷

স্মর্তব্য যে  পুনৰ দুটা অভিযোগ সামৰিক চৰকাৰে দাখিল কৰিছে ছ্যু কীৰ বিৰুদ্ধে৷ অভ্যুত্থানৰ পিছতে ছ্যু কী তথা নেচনেল লীগ ফৰ ডেম’ক্রেচীৰ সাংসদসকলক গ্রেপ্তাৰ কৰা হৈছে৷ কেইবাগৰাকীও নেতাক সেনাই অজ্ঞাত স্থানত গ্রেপ্তাৰ কৰি ৰাখিছে৷

লক্ষণীয়ভাৱে কালি দেশখনত আৰক্ষীয়ে প্রতিবাদ দমন কৰিবলৈ চলোৱা গুলীচালনাত ১৮গৰাকী লোক নিহত হোৱাৰ পিছতে বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিছে সামৰিক চৰকাৰক৷   পুনৰ দুজন প্রতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত হৈছে বুলি ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ সংস্থাই সদৰী কৰিছে৷

You might also like