নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘণ্টাত ৩৫ হাজাৰ কিঃমিঃ বেগত পৃথিৱী অভিমুখে গ্রহাণু

নিয়মীয়া বাৰ্তা, ১২ মে’: প্রতিঘণ্টাত ৩৫ হাজাৰ কিলোমিটাৰ বেগেৰে পৃথিৱী অভিমুখে আহি আছে এটা গ্রহাণু৷ মহাকাশৰ পৰা পৃথিৱী অভিমুখে বিপুল গতিত এই গ্রহাণুটো আহি থকা বিষয়টোক লৈ সতর্কতা জাৰি কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ নাছাৰ সূত্রই সদৰী কৰা অনুসৰি, পৃথিৱীৰ একেবাৰে ওচৰলৈ অহাৰ সম্ভাৱনা আছে গ্রহাণুটো৷ বিজ্ঞানীসকলে গ্রহাণুটোৰ নাম ৰাখিছে ‘এষ্টেৰইড ২০২৩ জেডি’৷ বেছিভাগ পৃথিৱীমুখী গ্রহাণুৰ ক্ষেত্রত ভূপৃষ্ঠত আহি খুন্দিওৱাৰ সম্ভাৱনা নাথাকে৷ কিন্তু ‘এষ্টেৰইড ২০২৩ জেডি’ৰ ক্ষেত্রত এই নিয়ম প্রযোজ্য নহ’বও পাৰে বুলি একাংশ বিজ্ঞানীয়ে ধাৰণা কৰিছে৷ ৫২ ফুট দৈর্ঘ্যৰ এই গ্রহাণু যদি আহি পৃথিৱী পৃষ্ঠত পৰে, তেন্তে পৰিস্থিতি ভয়াৱহ হ’ব পাৰে৷ ‘এষ্টেৰইড ২০২৩ জেডি’ গ্রহাণু বিপজ্জনক মানৰ বুলি অভিহিত কৰিছে বিজ্ঞানীসকলে৷ সেইবাবে গ্রহাণুটোৰ ওপৰত পৃথকে নজৰ ৰাখিছে নাছাৰ বিজ্ঞানীসকলে৷ ‘দ্য স্কাই ডট অর্গ’ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, এই গ্রহাণুটো প্রথম দৃশ্যমান হৈছে যোৱা ৭ মে’ত৷ এই ধৰণৰ গ্রহাণুক এটেন গোষ্ঠীৰ গ্রহাণু বুলি কোৱা হয়৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি, এই গোষ্ঠীৰ গ্রহাণুবোৰৰ মতি–গতি সুবিধাজনক নহয়৷ সেইবাবে এই গ্রহাণুটোৱে পৃথিৱীৰ ওচৰ পালে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেয়া সহজে বুজিব পৰা নাযায়৷ অৱশ্যে গ্রহাণুক লৈ নাছাই সতর্কবাণী কৰিলেও বহু জ্যোতির্বিজ্ঞানীয়ে আতংকৰ কাৰণ নাই বুলি উল্লেখ কৰিছে৷

You might also like