নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ ক্রমে হ্রাস পাই আহিছে চীনৰ জনসংখ্যা৷ জনসংখ্যা হ্রাস পোৱা বিষয়টোক লৈ উদ্বিগ্ণ দেশখনৰ চৰকাৰ৷ শেহতীয়াকৈ জনসংখ্যা হ্রাসৰ এই গতিক বাধা দিবলৈ দীর্ঘদিনীয়া নিয়ম সলনি কৰিবলৈ লৈছে দেশখনত৷ এইবাৰ অবিবাহিত প্রেমিক–প্রেমিকাক সন্তান ধাৰণৰ অনুমতি দিলে চীনৰ চিজুৱান প্রদেশে৷ জনসংখ্যাৰ দিশৰ পৰা চীনৰ পঞ্চম স্থানত আছে এই প্রদেশখন৷ বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত তৰুণ প্রজন্ম গঢ়ি তুলিবলৈ বিভিন্ন আঁচনি গ্রহণ কৰিছে চীন চৰকাৰে৷ তিনি সন্তানৰ নীতিত চীনে অনুমোদন জনাইছে যদিও দেশখনত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ এনে পৰিস্থিতিত অবিবাহিতসকলকো সন্তান লাভৰ অধিকাৰ দিবলৈ পূর্বৰ নিয়ম সলনি কৰিলে চিজুৱান প্রদেশে৷ চীনৰ এই প্রদেশৰ নিয়ম অনুসৰি কেৱল বিবাহিত মহিলাসকলৰহে সন্তান জন্ম দিয়াৰ অধিকাৰ আছিল৷ কিন্তু অভাৱনীয়ভাৱে সন্তান জন্মৰ হাৰ হ্রাস পোৱাৰ ফলত নীতি সলনি কৰিবলৈ বাধ্য হ’ল প্রদেশখনৰ প্রশাসন৷ আগন্তুক ১৫ ফেব্রুৱাৰীৰ পৰা এই নতুন নিয়ম জাৰি হ’ব চিজুৱান প্রদেশত৷ অবিবাহিতসকলেও এতিয়াৰে পৰা সন্তান জন্ম দিব পাৰিব৷ বিবাহিত দম্পতীৰ দৰে অবিবাহিত দম্পতীয়েও সকলো চৰকাৰী সুযোগ সুবিধা লাভ কৰিব৷

You might also like