নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত গ্রেপ্তাৰ বিবিচিৰ সাংবাদিক

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: আন্তর্জাতিক সংবাদ সংস্থা বি বি চিৰ এগৰাকী সাংবাদিকক গ্রেপ্তাৰ কৰিছে চীনৰ আৰক্ষীয়ে৷ চীন চৰকাৰৰ ক’ভিড নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ বিক্ষোভৰ সংবাদ পৰিৱেশন কৰিছিল এই সাংবাদিকগৰাকীয়ে৷ কালি বি বি চিৰ তৰফৰ পৰা দাবী কৰা হৈছে যে সংস্থাটোৰ কর্তব্যৰত সাংবাদিকক শাৰীৰিকভাৱে প্রহাৰো কৰিছে চীনৰ আৰক্ষীয়ে৷ অৱশ্যে সাংবাদিকগৰাকীৰ নাম সদৰী কৰা নাই বি বি চিয়ে৷ ছাংহাইৰ পৰা সাংবাদিকগৰাকীয়ে সংবাদ পৰিৱেশন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আহি তেওঁক গ্রেপ্তাৰ কৰে৷

You might also like