নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ৰেষ্টুৰেণ্টত ফলৰ ৰসৰ পৰিৱর্তে ডিটাৰজেণ্ট মিহলি পানী

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: ফলৰ ৰসৰ পৰিৱর্তে জুলীয়া চাবোন বা ডিটাৰজেণ্ট বিক্রী কৰা হয় চীনৰ ৰেষ্টুৰেণ্টত৷ শেহতীয়াকৈ এই অভিযোগ উঠিছে এখন ৰেষ্টুৰেণ্টৰ বিৰুে দ্ধ৷ এই ৰেষ্টুৰেণ্টত ফলৰ ৰস পান কৰাৰ পাছতে অসুস্থ হৈ পৰে কেইবাগৰাকীও লোক৷ তাৎক্ষণিকভাৱে সাতজনক হাস্পতালত ভর্তি কৰা হৈছে৷ চীনা সংবাদ পত্র ‘ছাউথ চাইনা মর্নিং পোষ্ট’ৰ প্রতিবেদন অনুসৰি যোৱা ১৬ জানুৱাৰীত চীনৰ ঝেজিয়াং প্রদেশৰ এখন ৰেষ্টুৰেণ্টত এই ঘটনা ঘটে৷ ছিষ্টাৰ উকং নামৰ এগৰাকী মহিলাই ছ’চিয়েল মিডিয়াত সমগ্র ঘটনাটো বর্ণনা কৰি এক ভিডি’ পোষ্ট কৰিছিল৷ পৰৱর্তী সময়ত অৱশ্যে ভিডি’টো মচি পেলোৱা হয় ছ’চিয়েল মিডিয়াৰ পৰা৷ এই পোষ্টটোত মহিলাগৰাকীয়ে উল্লেখ কৰিছিল যে বন্ধু–বান্ধৱ আৰু পৰিয়ালৰ সৈতে ৰেষ্টুৰেণ্টখনত খাবলৈ গৈছিল তেওঁ৷ তেতিয়াই ৰেষ্টুৰেণ্টত ফলৰ ৰস বুলি বটলত আনি দিয়া হয় ডিটাৰজেণ্ট মিহলি পানী৷ এই পানী পান কৰাৰ পাছতেই অসুস্থ হৈ পৰে কেইবাগৰাকীও লোক৷ ফলৰ ৰসৰ নামত ডিটাৰজেণ্ট তথা অন্যান্য সামগ্রী মিহলি ৰসায়ন গ্রাহকক দিয়া বুলি অভিযোগ অনা হয় ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে৷ লক্ষণীয়ভাৱে বিভিন্ন সময়ত চীনৰ ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ নামত গ্রাহকক বৰবিহ দিয়া হয় বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এই সন্দর্ভত অৱশ্যে ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ তথ্য পোৱা নাযায়৷

You might also like