নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰৰ ছাটাই কর্মচাৰীক ক্ষমা খুজিলে মাস্কে

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: পুনৰ বিতর্কত সাঙোৰ খাইছে টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্ক৷ ৪০ বিলিয়ন মার্কিন ডলাৰেৰে টুইটাৰ ক্রয় কৰাৰ পিছৰে পৰা বিশ্বৰ ধনাঢ়্য ব্যক্তি এলন মাস্ক ইটোৰ পিছত সিটো বিতর্কত সাঙোৰ খাই আছে৷ টুইটাৰৰ বিভিন্ন দেশৰ কার্যালয় বন্ধ কৰাৰ লগতে বহুতো কর্মচাৰীক ছাটাই কৰা এলন মাস্কে শেহতীয়াভাৱে ছাটাই কৰা এজন কর্মচাৰীৰ স্বাস্থ্যক লৈ কৰা মন্তব্যৰ পিছতে ক্ষমা খুজিবলৈ বাধ্য হৈছে৷ তথ্য মতে টুইটাৰৰ প্রাক্তন কর্মচাৰীক হাৰালডুৰ থোৰলেইফছনৰ শাৰীৰিক প্রতিবন্ধকতাক লৈ বিৰূপ মন্তব্য কৰিছিল মাস্কে৷ ইয়াৰ পিছতেই মাস্ক আৰু প্রাক্তন কর্মচাৰীজনৰ মাজত টুইটাৰত বাক্যুদ্ধ চলে৷ টুইটাৰৰ বাক্যুদ্ধৰ সময়ত মাস্কে প্রাক্তন কর্মচাৰী হাৰালডুৰ বিকলাংগ সন্দর্ভত জানিব পাৰি পিছলৈ তেওঁৰ স্বাস্থ্যৰ প্রতি ভুল বুজাবুজি হোৱাৰ বাবে তেনে মন্তব্য কৰা বুলি মুকলিকৈ ক্ষমা খোজে মাস্কে৷

You might also like