নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’হা ডায়মণ্ড লীগত স্বর্ণ নীৰজ চোপ্রাৰ

নিয়মীয়া বাৰ্তা, ৭ মে’: মৰুৰ চহৰত একপ্রকাৰ ধুমুহাৰ সৃষ্টি কৰিব অলিম্পিকৰ স্বর্ণ বিজয়ী জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই৷ শুকুৰবাৰে ড’হা ডায়মণ্ড লীগত ৮৮.৬৭ মিটাৰ জেভলিন দলিয়াই স্বর্ণ পদক জয় কৰিলে তাৰকাগৰাকীয়ে৷ টকি’ অলিম্পিকত স্বর্ণ বিজয়ী ভাৰতীয় খেলুৱৈগৰাকীয়ে কেতিয়াও ৯০ মিটাৰ দূৰত্ব অতিক্রম কৰিব নোৱাৰিলেও তাৰ পূর্বেই শ্রেষ্ঠত্ব প্রতিপন্ন কৰে৷ টকি’ অলিম্পিকৰ তেওঁৰ প্রতিপক্ষ হিচাপে থকা য়াকুব ভাডলেছে এইবাৰো ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়৷ এছিয়ান গেমছৰ পূর্বে এইখন ডায়মণ্ড লীগকেই লক্ষ্য কৰি লৈছিল ভাৰতীয় তাৰকাগৰাকীয়ে৷ যোৱা বছৰ প্রথম ভাৰতীয় হিচাপে এই প্রতিযোগিতাত পদক জয় কৰা নীৰজে এইবাৰো স্বর্ণ পদকেৰে অভিযান আৰম্ভ কৰিছে৷ ছুহেম বিন হামাদ ষ্টেডিয়ামত তেওঁ প্রথম প্রচেষ্টাত ৮৮.৬৭ মিটাৰ জেভলিন থ্র’ কৰে৷ অৱশ্যে নিজৰ শ্রেষ্ঠ প্রদর্শন ৮৯.৯৪ মিটাৰ দূৰত্ব অতিক্রম কৰিব নোৱাৰিলে নীৰজে৷ তথাপি হতাশ হোৱা নাই খেলুৱৈগৰাকী৷ ডায়মণ্ড লীগৰ ৱেবছাইটত নীৰজে কয়, ‘এনে এক সাফল্য লাভ কৰি আনন্দিত হৈছোঁ৷ অৱশ্যে এতিয়াও নিজৰ শ্রেষ্ঠ ফর্মত উপনীত হ’ব পৰা নাই৷ অৱশ্যে এই স্বর্ণ পদকে মোক লক্ষ্য পূৰণৰ পথত আগুৱাই নিব৷’ উল্লেখ্য যে কালি মুঠ ছবাৰ জেভলিন থ্র’ কৰে নীৰজে৷ কিন্তু প্রথমবাৰেই সর্বাধিক দূৰত্ব অতিক্রম কৰিবলৈ সক্ষম হয়৷ নীৰজক সমর্থন জনাবলৈ কালি গেলাৰীত যথেষ্টসংখ্যক ভাৰতীয় দর্শক উপস্থিত আছিল৷ ইমানসংখ্যক ভাৰতীয় অনুৰাগীক প্রত্যক্ষ কৰি গভীৰ সন্তুষ্টি প্রকাশ কৰি নীৰজে কয় যে ভাৰতবাসীয়ে তেওঁলৈ আগবঢ়োৱা সমর্থন আৰু আশীর্বাদৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভাবে৷ ইপিনে প্রতিযোগিতাখনত স্বর্ণ পদক জয় কৰাৰ পিছতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে নীৰজক অভিনন্দন জনাইছে৷ ২৫ বছৰীয়া এথলীটগৰাকীক অভিনন্দন জনাই মোদীয়ে কয়, ‘প্রথম বছৰৰ প্রথম প্রতিযোগিতাত তেওঁ ৮৮.৬৭ মিটাৰেৰে প্রথম স্থান অধিকাৰ কৰিছে৷ নীৰজ চোপ্রাই ড’হা ডায়মণ্ড লীগত উজলি উঠিছে আৰু তেওঁক অভিনন্দন জনাইছোঁ৷ আশা কৰিছোঁ ভৱিষ্যতেও তেওঁৰ উন্নত প্রদর্শন অব্যাহত থাকিব৷’ আনহাতে কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে তেওঁৰ টুইটত লিখিছে– ‘ড’হা ডায়মণ্ড লীগত স্বর্ণজয় কৰি নীৰজে দেশৰ মুখ উজ্জ্বল কৰিছে৷ তেওঁ দেশক নতুনভাৱে সন্মানিত কৰিছে৷ নীৰজ হৈছে আদর্শ চেম্পিয়ন, যিয়ে সকলো পৰিস্থিতিতে নিজৰ শ্রেষ্ঠত্ব প্রদর্শনেৰে দেশক পদক উপহাৰ দিয়ে৷ চেম্পিয়নগৰাকীক অশেষ অভিনন্দন জনাইছোঁ৷’

You might also like