নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ আতংকত কম বয়সতে কন্যাক বিয়া দিছে পিতৃ–মাতৃয়ে

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: ২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা নাৰী নির্যাতনৰ ক্ষেত্র হৈ পৰিছে দেশখন৷ এবছৰৰ ভিতৰতে ‘কাবুলীৱালাৰ দেশ’ৰ চৰিত্র সলনি হৈ গৈছে৷ অতি কম বয়সতে আফগান কন্যাক বিয়া দিব লগা হৈছে পিতৃ–মাতৃয়ে৷ ইয়াৰ মূল কাৰণ হৈছে তালিবানক লৈ আতংক৷ সমাজকর্মী আৰু মানৱ অধিকাৰ কর্মীসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি, আফগান অভিভাৱকসকলে এতিয়া তালিবানৰ হাতৰ পৰা নিজ দুহিতাক ৰক্ষা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তালিবানে জোৰকৈ কিশোৰী– তৰুণীসকলক বিয়া কৰোৱাৰ পূর্বে পিতৃ–মাতৃয়ে অন্য কোনো আফগান যুৱকৰ সৈতে নিজ কন্যাক বিয়া দিবলৈ বাধ্য হৈছে৷ গতিকে নাবালিকা অৱস্থাতেই আফগান কন্যাৰ বিয়াৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি দৰিদ্রতাৰ পৰা পৰিত্রাণ পাবলৈও বহু পিতৃ–মাতৃয়ে নিজ কন্যাক কম বয়সতে বিয়া দিছে আফগানিস্তানত৷ ইয়াৰ ফলত সমগ্র দেশখন হৈ পৰিছে নাৰীৰ বাবে বিভীষিকাময়৷

You might also like