নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশীয় যানেৰে মহাকাশলৈ যাব ভাৰতীয় নভোচৰৰ দল

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: ১৯৮৪ চনৰ ৩ এপ্রিলত ৰাছিয়াৰ মহাকাশ যানেৰে মহাশূন্য উদ্দেশ্যে যাত্রা কৰি নজিৰ সৃষ্টি কৰিছিল ভাৰতৰ প্রথম মহাকাশচাৰী ৰাকেশ শর্মাই৷ ৪৪ বছৰ পিছেত পুনৰ নজিৰ গঢ়াৰ সংকল্প লৈছে ভাৰতে৷ দেশত নির্মিত মহাকাশ যানেৰে ভাৰতীয় মহাকাশচাৰীসকলক মহাকাশলৈ প্রেৰণ কৰাৰ চিন্তা–চর্চা চলাইছে ইছৰোৱে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে৷ মহাকাশলৈ নভোচৰ প্রেৰণৰ এই মিছনক নাম দিয়া হৈছে ‘গগণযান মিছন’৷ ভাৰতীয় মহাকাশচাৰীসকলক কি ধৰণে নিৰাপদে পৃথিৱীলৈ ওভতাই অনা হ’ব, সেই সন্দর্ভত ইছৰোৱে বিশেষ ব্যৱস্থাও গ্রহণ কৰিছে৷ স্মর্তব্য যে মহাকাশ গৱেষণাৰ ক্ষেত্রত ভাৰতে বিশেষ গুৰুত্ব প্রদান কৰিছে৷

You might also like