নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মান্তৰকৰণৰ দাবীৰে হিন্দু বোৱাৰীক গণধর্ষণ পাকিস্তানত

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: হিন্দু ধর্ম বাদ দি ইছলাম গ্রহণ কৰিব লাগিব৷ এই অন্যায় দাবী মানি নোলোৱাৰ বাবে ধর্ষণৰ বলি হ’ল এগৰাকী হিন্দু বোৱাৰী৷ কোনোমতে প্রাণ ৰক্ষা কৰি ধর্ষণকাৰীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে এই বোৱাৰীগৰাকী৷ পলায়ন কৰিয়েই আৰক্ষীক অভিযোগ দিয়ে৷ কিন্তু সেই অভিযোগ গ্রহণ কৰা নহ’ল৷ বাধ্য হ’ল ছ’চিয়েল মিডিয়াত সমগ্র ঘটনাৰ বিৱৰণ দি এক ভিডি’ প্রকাশ কৰিছে মহিলাগৰাকীয়ে৷ লগে লগে পাকিস্তানজুৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ স্মর্তব্য যে বলপূর্বক ধর্মান্তৰকৰণৰ বাবে ধর্ষণ কৰা ঘটনা পাকিস্তানত নতুন নহয়৷ কিন্তু দেশখনত ধর্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই প্রশাসনে৷ শেহতীয়াকৈ ছামাৰো অঞ্চলত হিন্দু পৰিয়ালৰ বোৱাৰী এগৰাকীক অপহৰণ কৰে তিনি দুর্বৃত্তই৷ এই তিনিওটা দুর্বৃত্তই মহিলাগৰাকীক ইছলাম ধর্ম গ্রহণ কৰাৰ দাবী জনাই তিনি দিন ধৰি ধর্ষণ কৰে৷ ধর্ষণকাৰীৰ হাতৰ পৰা কোনোমতে মহিলাগৰাকীয়ে পলায়ন কৰে যদিও আৰক্ষীৰ ওচৰত গৈ নিৰাশ হ’বলগীয়া হৈছে৷

You might also like