নির্বাচনৰ পূর্বে আৰজেডিৰ দুর্গত মোক্ষম আঘাত
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ আগন্তুক বিধান পৰিষদৰ নির্বাচনৰ পূর্বে বিহাৰৰ ৰাজনীতিত মোক্ষম আঘাতৰ সন্মুখীন হৈছে লালু প্রসাদ যাদৱ নেতৃত্বাধীন ৰাষ্ট্রীয় জনতা দল (আৰজেডি)৷ আজি আৰজেডিৰ ৮গৰাকী বিধান পৰিষদৰ সদস্য (এমএলচি)ৰ ৫গৰাকীয়ে পদত্যাগ কৰি নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউ)ত যোগদান কৰাৰ লগে লগে ৰাজ্যখনৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা৷ আৰজেডি ত্যাগ কৰা এই ৫ এমএলচি সদস্যৰ ভিতৰত আছে লালু প্রসাদ যাদৱৰ অতি ঘনিষ্ঠ হিচাপে চিহ্ণিত দলটোৰ প্রতিষ্ঠাপক সদস্য তথা উপ–সভাপতি ৰঘুবংশ প্রসাদ সিঙো৷
বর্তমান ৰঘুবংশ প্রসাদ সিঙে ক’ৰোনাত আক্রান্ত হৈ পাটনাৰ এইেমছত চিকিৎসা গ্রহণ কৰি আছে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰঘুবংশ প্রসাদ সিঙে দলত শেহতীয়াকৈ একাংশ লোকক বিভিন্ন পদবীত বহুওৱা বিষয়টোত অসন্তুষ্টি প্রকাশ কৰিছে৷ ইতিমধ্যে দলৰ নেতৃত্বক নিজৰ সিদ্ধান্তৰ কথা লালু প্রসাদ যাদৱে এখন পত্রযোগে জনাই দিছে৷ ৰঘুবংশ প্রসাদ সিঙৰ মতে, কুখ্যাত মাফিয়া তথা এলজেপিৰ প্রাক্তন ৰাজনীতিক ৰমা সিঙক শেহতীয়াকৈ আৰজেডিত আদৰি লোৱাৰ প্রক্রিয়া চলিছে৷
দলৰ নেতৃত্বৰ এনে কার্যত ক্ষোভ প্রকাশ কৰিছে নেতাগৰাকীয়ে৷ স্মর্তব্য যে চলিত বর্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে আৰজেডিৰ অভ্যন্তৰত সৃষ্টি হোৱা এনে মতানৈক্যই দলটোৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত৷ অৱশ্যে তাৎক্ষণিকভাৱে আৰজেডিৰ শীর্ষ নেতৃত্বই এই বিষয়টো সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷