নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমীয়া দেশসমূহক কঠোৰ ভাষাৰে সকীয়নিঃ পাৰমাণৱিক বোমাৰ হুংকাৰ পুটিনৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দীর্ঘদিন ধৰি চলি থকা যুদ্ধ আৰু অধিক সক্রিয় কৰাক লৈ টেলিভিছনযোগে দেশবাসীক সম্বোধন কৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে পশ্চিমীয়া দেশসমূহক কঠোৰ ভাষাৰে সকীয়নি দিছে৷ ৰাছিয়া আৰু তেওঁলোকৰ অঞ্চলসমূহক ৰক্ষাৰ বাবে দুই নিযুত শক্তিশালী সেনা মজুত থকা বুলি উল্লেখ কৰি প্রয়োজন সাপেক্ষে এই সেনাক ব্যৱহাৰ কৰা হ’ব বুলি হুংকাৰ দি দেশক ৰক্ষাৰ বাবে পাৰমাণৱিক বোমাও ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ বুলি পশ্চিমীয়া দেশক সকীয়নি দিয়ে ৰাষ্ট্রপতি পুটিনে৷ পশ্চিমীয়া দেশসমূহক পাৰমাণৱিক বোমা ব্যৱহাৰ মিছা ভাবুকি বুলি ধৰি নল’বলৈও কঠোৰ সকীয়নি দিয়ে ৰাষ্ট্রপতি পুটিনে৷

উল্লেখ্য যে যোৱা ২৪ ফেব্রুৱাৰীৰ পৰা ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰি ইউক্রেইনৰ খণ্ড খণ্ড বিধ্বস্ত কৰিলেও ইউক্রেইনী সেনাক সম্পূর্ণৰূপে পৰাভূত কৰিব পৰা নাই৷ ইউক্রেইনী সেনাৰ প্রতিৰোধত ৰুছ সেনাই কিছুমান অঞ্চলত নিজৰ দখল এৰি দিবলৈ বাধ্য হোৱাৰ পাছতেই ৰাষ্ট্রপতি পুটিনে নিজৰ শক্তিশালী সেনা প্রয়োগৰ নির্দেশ দিছে৷ দ্বিতীয় যুদ্ধৰ পাছত টেলিভিছনযোগে দেশবাসীক সম্বোধন কৰি ৰাষ্ট্রপতি পুটিনে ইউক্রেইনৰ বিৰুদ্ধে বিশাল সেনাক অভিযান চলাবলৈ নির্দেশ দিছে৷ ৰাছিয়াক সুৰক্ষা দিবলৈ পাৰমাণৱিক অস্ত্র ব্যৱহাৰ কৰিবলৈ তেওঁ সাজু হৈ থকা বুলি পশ্চিমীয়া দেশসমূহক দিয়া ভাবুকি মিছা বুলি ধৰি নল’বলৈও আজি স্পষ্টভাৱে সকীয়াই দিয়ে ৰাষ্ট্রপতি পুটিনে৷

মন কৰিবলগীয়া যে বিতং সাক্ষ্য নোহোৱাকৈ পশ্চিমীয়া দেশসমূহে পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ ব্লেকমেইলিং কৰি থকা বুলি অভিযোগ কৰি ৰাষ্ট্রপতি পুটিনে ৰাছিয়া ধ্বংস কৰিব পৰা যিকোনো পৰিকল্পনা প্রতিহত কৰাৰ বাবে সাজু বুলিও কয়৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পশ্চিমীয়া দেশে মস্কোৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ সম্ভাৱনাৰ প্রতি লক্ষ্য কৰিয়ে ইউক্রেইনত পুনৰ ৰাছিয়াৰ সেনাৰ অভিযান আৰম্ভৰ নির্দেশ দিছে পুটিনে৷ ৰাছিয়াবিৰোধী আগ্রাসী নীতি পশ্চিমীয়া দেশে প্রতিটো ক্ষেত্রতে অতিক্রম কৰাৰ অভিযোগ তুলি পাৰমাণৱিক অস্ত্রৰ সৈতে যিসকলে আমাক ব্লেকমেইলিং কৰিব বিচাৰিছে, তেওঁলোকে ৰাছিয়াৰ শক্তিক অৱজ্ঞা নকৰিবলৈও সকীয়নি দিয়ে পুটিনে৷

You might also like