নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচখন চীনা বিমান বিক্রী কৰিব নেপালে; ইঞ্জিনত বিজুতি, উৰণত আশংকা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ধাৰাবাহিকভাৱে ইঞ্জিনত দেখা দিছে ত্রুটি৷ সঘনে মেৰামতিৰ বাবে প্রেৰণ কৰিবলগীয়া হৈছে৷ ফলত খৰচৰ সমান্তৰালভাৱে উৰণৰ ক্ষেত্রত আশংকাও বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত ৫খন চীনৰ পৰা ক্রয় কৰা যাত্রীবাহী বিমান বিক্রী কৰাৰ সিদ্ধান্ত লৈছে নেপাল এয়াৰলাইনছে৷ নেপালৰ বিত্ত মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে এই তথ্য৷ ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পোৱাৰ কাৰণে চৰকাৰী বিমান সংস্থাৰ পাঁচখন বিমানৰ উৰণ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ ভিতৰত দুখন ৫৬ আসনযুক্ত এমএ–৬০ আৰু তিনিখন ১৭ আসনযুক্ত প্রপেলাৰচালিত ৱাই–১২ই যাত্রীবাহী বিমান আছে৷

You might also like