নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ক’ৰোনাৰ অ’মিক্রন প্রজাতিৰ উপ–প্রকৰণ বিএফ.৭ ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ শংকিত চিকিৎসক

  • আক্রান্ত ৰোগীৰ সংখ্যা ৬ গুণ বৃদ্ধি
  • চীনৰ হাস্পতালত ঠাইৰ অভাৱ
  • হাস্পতালৰ বাহিৰত য’তে–ত’তে ৰোগী
  • ক’ভিডৰ নতুন সংক্রমণক আক্রান্তৰ অধিকাংশই বয়োজ্যেষ্ঠ
  • মৃতকৰ সংখ্যা বৃদ্ধিত অন্তিম সৎকাৰৰ বাবে কেইবাদিনো অপেক্ষা কৰিবলগীয়া হৈছে পৰিয়ালৰ লোক

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জনতাৰ প্রতিবাদত সেও মানি ৰাষ্ট্রপতি ঝি জিনপিঙে লকডাউনৰ শূন্য ক’ভিড নীতি আৰু মাহজোৰা পৰীক্ষণৰ নীতি প্রত্যাহাৰ কৰাৰ পাছতেই চীনত ক’ৰোনাৰ অ’মিক্রন প্রজাতিৰ উপ–প্রকৰণ বিএফ.৭ত আক্রান্তৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে৷ বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশখনত বিগত কেইবাদিন ধৰি অ’মিক্রন প্রজাতিৰ উপ–প্রকৰণ বিএফ.৭ত আক্রান্ত ৰোগীৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছে যে হাস্পতালত ৰোগী ৰাখিবলৈ কোঠা–বিছনাৰ লগতে ঠাইৰ অভাৱ ঘটিছে৷ এই বিএফ.৭ত আক্রান্ত ৰোগীৰ সংখ্যা বিগত দিনকেইটাত ছগুণকৈ বৃদ্ধি পোৱাত চিকিৎসকসকলৰ মাজতো হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ চিকিৎসালয়ত ৰোগী ৰাখিবলৈ ঠাইৰ অভাৱৰ উপৰি ৰোগীক শুশ্রূষাৰ বাবে চিকিৎসা কর্মীৰ অভাৱ ঘটিছে৷ চিকিৎসালয়ৰ কোঠা আৰু বিছনাৰ অভাৱত চিকিৎসালয় চৌহদতে আক্রান্ত ৰোগীক ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

দেশখনত শূন্য ক’ভিড নীতি লকডাউন আৰু পৰীক্ষণ প্রত্যাহাৰ কৰাৰ পাছত আন আন ঠাইলৈ দ্রুতগতিত অ’মিক্রন প্রজাতিৰ উপ–প্রকৰণ বিএফ.৭ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, নতুন নতুন স্থানলৈ এই সংক্রমণ সম্প্রসাৰিত হৈছে৷ চীনৰ সংবাদ মাধ্যমসমূহ চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে আক্রান্ত ৰোগীৰ সংখ্যা সঠিকভাৱে পোহৰলৈ অহা নাই যদিও ছ’চিয়েল মিডিয়াত চীনৰ ভয়াৱহ ছবি এখন পোহৰলৈ আহিছে৷ চিকিৎসালয়ত ৰোগীক চিকিৎসাৰ বাবে প্রয়োজনীয় সা–সামগ্রীৰ অভাৱৰ উপৰি ব্লাড বেংকত তেজৰ অভাৱ ঘটিছে৷ ইপিনে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত অন্ত্যেষ্টিক্রিয়াৰ বাবে ঠাই বিচাৰি পৰিয়ালৰ লোকে দুর্দশাত ভুগিছে৷ নির্ধাৰিত স্থানত অন্তিম সৎকাৰ কৰিবলৈ মৃতদেহ লৈ পৰিয়ালৰ লোকে ঘণ্টা নহয়, দিনৰ পিছত দিন শাৰী পাতিবলগীয়া হৈছে৷ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা নির্ধাৰিত স্থানৰ চৌহদৰ বাহিৰত শাৰী শাৰী গাড়ী ৰাখি থোৱা হৈছে৷ এই গাড়ীবোৰত আছে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটা লোকৰ মৃতদেহ৷ ছ’চিয়েল মিডিয়াত এনে দৃশ্যও প্রচাৰিত হৈছে যে একাংশ লোকে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিবলৈ অপেক্ষা কৰি ভাগৰুৱা হৈ অৱশেষত ৰাজপথতে মৃতদেহটো পেলাই থৈ গৈছে৷

চীনৰ এনে কৰুণ দৃশ্যই বিশ্ববাসীক ম্রিয়মাণ কৰি তোলাৰ লগতে ক’ৰোনাৰ সংহাৰক লৈ শংকিত হৈ পৰিছে৷ ইপিনে চিকিৎসকে প্রকাশ কৰা মতে বিগত কেইবাদিন ধৰি আক্রান্ত ৰোগীৰ সংখ্যা ছগুণ বৃদ্ধি পাইছে৷ এই ৰোগীসকলক শুশ্রূষাৰ বাবে চিকিৎসা কর্মীৰ অভাৱ ঘটিছে৷ আক্রান্ত ৰোগীৰ অধিকাংশই বয়োজ্যেষ্ঠ৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালেও চীনৰ ৰাজধানী বেইজিং আৰু আন এখন প্রধান চহৰ চাংহাইত জনতাই মাস্ক পিন্ধি বজাৰত ব্যস্ত হৈ আছে৷ এনে দৃশ্যই ক’ভিডৰ সৈতে জীৱন জীয়াবলৈ চীনৰ নাগৰিকক শিক্ষা দিছে বুলিও সংবাদ মাধ্যমত চর্চিত হৈছে৷

You might also like