নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ প্রতি অনিচ্ছুক দঃ কোৰিয়াৰ যুৱক–যুৱতীঃ হ্রাস পাইছে শিশুৰ জন্মৰ হাৰ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: বিয়াৰ প্রতি আগ্রহ কমি আহিছে দক্ষিণ কোৰিয়াৰ যুৱক–যুৱতীৰ৷ যোৱা বছৰটোত অভাৱনীয়ভাৱে বিবাহ হ্রাস পাইছে দেশখনত৷ ইয়াৰ লগে লগে শিশুৰ জন্মৰ হাৰো হ্রাস পাইছে লক্ষণীয়ভাৱে৷ গতিকে বিশেষজ্ঞসকল উদ্বিগ্ণ হৈ পৰিছে৷ সমগ্র দেশখন ক্রমাৎ বার্ধক্যৰ দিশলৈ আগবাঢ়ি গৈ আছে৷ অর্থাৎ কম বয়সীয়া লোকৰ সংখ্যা কমি অহাৰ বিপৰীতে প্রবীণ লোকৰ সংখ্যা বৃদ্ধি পাইছে দেশখনত৷ পৰিসংখ্যা অনুসৰি যোৱা বছৰ ১ লাখ ৯২ হাজাৰ যুৱক–যুৱতী বিবাহপাশত আবদ্ধ হৈছিল৷ ১০ বছৰত বিবাহ হ্রাস পাইছে ৪০ শতাংশ৷ এই প্রক্রিয়া অব্যাহত থাকিলে দক্ষিণ কোৰিয়াৰ অস্তিত্বলৈ ভাবুকি আহি পৰিব বুলি সতর্ক কৰি বিশেষজ্ঞসকলে ৰাষ্ট্রপতিক ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷

You might also like