নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বযুদ্ধ আসন্ন! পৰমাণু অস্ত্রশক্তি বৃদ্ধি কৰিব ৰাছিয়াই

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: ইউক্রেইন যুদ্ধৰ বর্ষপূর্তিৰ আগদিনাখন ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে পৰমাণু অস্ত্রভাণ্ডাৰ বৃদ্ধিৰ কথা ঘোষণা কৰিলে৷ ৰাছিয়াই পৰমাণু অস্ত্রভাণ্ডাৰ বৃদ্ধিৰ জৰিয়তে পাশ্চাত্যৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ আজি মস্কোত এক কর্মসূচীত যোগদান কৰি ৰাষ্ট্রপতি পুটিনে কয় যে পৰমাণু অস্ত্রশক্তি বৃদ্ধিৰ বাবে চৰকাৰে অধিক ধন বিনিয়োগ কৰিব৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ ইউক্রেইন ভ্রমণৰ পাছতে ৰাছিয়াই পৰমাণু নিৰস্ত্রীকৰণ সম্পর্কীয় ‘নিউ ষ্টার্ট’ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লয়৷ অর্থাৎ আমেৰিকাৰ সৈতে থকা পৰমাণু নিৰস্ত্রীকৰণ চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰে পুটিনে৷ ইয়াৰ পাছতে ইউৰোপজুৰি ঘনীভূত হৈছে তৃতীয় বিশ্বযুদ্ধৰ আশংকা৷ এই যুদ্ধত পুটিনে পূর্বে ঘোষণা কৰা ধৰণে পৰমাণু অস্ত্র ব্যৱহাৰ কৰিব পাৰে বুলিও বিশেষজ্ঞ মহলে আশংকা প্রকাশ কৰিছে৷ এই আশংকাৰ মাজতে আজি পুটিনে স্পষ্ট কৰি দিলে যে ইউক্রেইন যুদ্ধৰ সময়তে ৰাছিয়াই পৰমাণু অস্ত্রভাণ্ডাৰ বৃদ্ধি কৰিব৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি পুটিনে দীর্ঘ দূৰত্বভেদী পৰমাণু বিস্ফোৰকবাহী ক্ষেপণাস্ত্র নির্মাণত অধিক গুৰুত্ব প্রদান কৰিছে৷ ইফালে সমুদ্রৰে প্রেৰণ কৰিব পৰা ক্ষেপণাস্ত্রও ৰুছ সেনাৰ হাতত তুলি দিয়াৰ সংকল্প লৈছে পুটিনে৷

You might also like