নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অর্থনীতি মন্দা হ’লেও ভাৰতৰ সম্ভাৱনা উজ্জ্বল

নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: পুনৰ অন্ধকাৰ আৰু অনিশ্চিত বিশ্ব অর্থনীতিৰ ছবি প্রকাশ কৰিলে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ আর্থিক আৰু সামাজিক বিষয়ক বিভাগে প্রকাশ কৰা প্রতিবেদন অনুসৰি বিশ্ব অর্থনীতিৰ গতি যথেষ্ট মন্থৰ হ’ব৷ আর্থিক বৃদ্ধিৰ হাৰ অৱনমিত হ’ব পাৰে ১.৯ শতাংশলৈ৷ উন্নত আৰু উন্নয়নশীল দেশসমূহত বৃদ্ধিৰ গতি কমি আহিব৷ আনকি কিছুমান দেশত মন্দাৱস্থাৰো সৃষ্টি হ’ব পাৰে৷ ৰাষ্ট্রসংঘৰ অন্যতম অর্থনীতিবিদ হামিদ ৰছিদে উল্লেখ কৰা অনুসৰি ভাৰতৰ সম্ভাৱনা অৱশ্যে উজ্জ্বল৷ অর্থনীতিবিদগৰাকীয়ে দাবী কৰা অনুসৰি বর্তমান সমগ্র বিশ্বৰ অর্থনীতিত ভাৰত এক উজ্জ্বল বিন্দু৷ আগন্তুক বছৰত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ হোৱাৰ সম্ভাৱনা আছে বুলিও ৰছিদে মন্তব্য কৰিছে৷

You might also like