নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধই হেঙাৰ সৃষ্টি কৰিব নোৱাৰে প্রেমতঃ ৰুছ, ইউক্রেইনী যুৱক–যুৱতীৰ বিবাহ সম্পন্ন ভাৰতত

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ ভয়াৱহ যুদ্ধ চলি আছে দুই প্রতিৱেশী ৰাষ্ট্র ৰাছিয়া আৰু ইউক্রেইনৰ মাজত৷ দুয়োখন শত্রু দেশৰ দুই যুৱক–যুৱতীৰ মাজত আছে গভীৰ প্রণয়ৰ সম্পর্ক৷ কিন্তু এনে পৰিস্থিতিত কোনোপধ্যেই বিবাহপাশত আবদ্ধ হ’ব নোৱাৰে তেওঁলোক৷ গতিকে ভাৰতলৈ পলাই আহি হিমাচলত ধৰমশালাৰ ৰাধাকৃষ্ণ মন্দিৰত বিবাহপাশত আবদ্ধ হ’ল এই দুই যুৱক–যুৱতী৷ এই বিদেশী যুৱক–যুৱতীৰ বিবাহক লৈ উৎসৱমুখৰ হৈ পৰে সমগ্র অঞ্চলটো৷

ঐতিহ্যবাহী নাচ–গানৰ সৈতে সনাতন ধর্মৰ মন্ত্রোচ্চাৰণেৰে দুয়ো বিবাহপাশত আবদ্ধ হয়৷ ৰাছিয়াৰ ব্রামাকো আৰু ইউক্রেইনৰ নোভিকাই যুদ্ধৰ বাবে নিজৰ মাজত কেতিয়াও বিচ্ছেদ বিচৰা নাছিল৷ গতিকে যুগ্মজীৱনক দীর্ঘস্থায়ী কৰিবলৈ ভাৰতত আহি উপস্থিত হয় ব্রামাকো আৰু নোভিকাই৷ অৱশ্যে হিন্দু ধর্মীয় ৰীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয় যদিও পৰৱর্তী সময়ত গির্জাত গৈ নিজা ধর্ম অনুসৰিও বিবাহ সম্পন্ন কৰে৷ এই বিবাহৰ জৰিয়তে তেওঁলোকে এক বার্তা দিছে যে যুদ্ধই কেতিয়াও প্রেমক বাধা দিব নোৱাৰে৷

You might also like