নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন নির্যাতন তুৰস্কৰ স্বয়ম্ভু ধর্মগুৰুলৈ ৮৬৫৮ বছৰ কাৰাদণ্ডৰ ৰায়

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : তুৰস্কৰ ইস্তানবুলত যৌন নির্যাতনৰ গোচৰত দোষী সাব্যস্ত এজন মুছলমান ধর্মগুৰুক আদালতে ৮৬৫৮ বছৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ ইস্তানবুলৰ এই স্বঘোষিত ধর্মগুৰুৰ নাম আদনান ওক্তাৰ৷ ভাৰতত যৌন কেলেংকাৰিৰ গোচৰত অভিযুক্ত ডেৰা ছাচ্ছা ছৌদাৰ মুৰব্বী ‘ৰাম ৰহিম’ৰ দৰে ওক্তাৰে ধর্ম প্রচাৰৰ নামত চলাই গৈছিল যৌন আতিশ্য৷ ২০২১ চনত ওক্তাৰৰ বিৰুদ্ধে ইস্তানবুলৰ আদালতে ১০৭৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল৷ এইবাৰ পুনৰ বিবেচনাত শাস্তি বৃদ্ধি কৰা হয় আঠগুণ৷ ওক্তাৰৰ উপৰি অন্য ১০জন দোষী সাব্যস্ত লোকক অনুৰূপ শাস্তিৰ ৰায় শুনাইছে আদালতখনে৷ প্রতি মুহূর্ততে স্বল্প বসনা মহিলা তথা যুৱতীসকলক লগত ৰাখিছিল স্বয়ম্ভু ধর্মগুৰু ওক্তাৰে৷ টেলিভিছনত এটা শ্ব’ কৰিছিল বিতর্কিত ধর্মগুৰুজনে৷ এই শ্ব’ত ৰক্ষণশীল মূল্যবোধৰ শিক্ষা দিয়া দেখা গৈছিল ধর্মগুৰুজনক৷ বহু নাবালিকাৰ লগতে মহিলাক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷

You might also like