নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংক্রমণ বাঢ়িলেও পাশ্চাত্যৰ ভেকচিন দেশবাসীক নিদিয়ে জিনপিঙে

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: এফালে দেশত ক’ৰোনাত আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, আনফালে লকডাউনৰ পৰা মুক্তি বিচাৰিছে চীনৰ সাধাৰণ জনতাই৷ কিন্তু এনে পৰিস্থিতি সত্ত্বেও দেশৰ মানুহক সুৰক্ষা দিবলৈ পাশ্চাত্যৰ দেশত প্রস্তুত কৰা ক’ভিড ভেকচিন প্রদান কৰিবলৈ সন্মত হোৱা নাই চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং৷ আমেৰিকাৰ ৰাষ্ট্রীয় চোৰাংচোৱা দপ্তৰৰ বিষয়ববীয়া এভ্রিল হেইনছে শেহতীয়াকৈ এই মন্তব্য কৰিছে৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তো বহু চহৰত ক’ভিড পৰীক্ষা হ্রাস কৰাৰ নির্দেশ দিছে জিনপিঙে৷ ক’ভিডক কেন্দ্র কৰি এতিয়া চীন নজিৰবিহীন বিক্ষোভ কুণ্ডত পৰিণত হোৱা বুলি আমেৰিকাই ঘোষণা কৰিছে৷

You might also like