নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কটলেণ্ডৰ গুহাত অতি ক্ষুদ্রতম কেঁকোৰা আৱিষ্কাৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: স্কটলেণ্ডৰ এটি গুহাত অতি ক্ষুদ্রতম কেঁকোৰাৰ লেখীয়া প্রজাতি আৱিষ্কাৰ কৰিছে বিজ্ঞানীৰ দলে৷ জার্নেল কেভ আৰু কাষ্ট ছায়েন্সত প্রকাশিত গৱেষণামূলক প্রতিবেদনত স্কটলেণ্ডৰ স্মু গুহাত অতি ক্ষুদ্রতম প্রজাতিৰ কেঁকোৰা আৱিষ্কাৰৰ তথ্য প্রকাশ পাইছে৷ ছাদাৰলেণ্ডৰ এই গুহাটোত আৱিষ্কাৰ হোৱা কেঁকোৰাটোৰ আকাৰ মাত্র ১ মিলিমিটাৰ৷ প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে এনেধৰণৰ ক্ষুদ্রতম কেঁকোৰাৰ লেখীয়া জীৱৰ আৱিষ্কাৰ ইতিপূর্বে ইউৰোপৰ বিভিন্ন স্থানত আৱিষ্কাৰ কৰা হৈছিল৷ অৱশ্যে ইউৰোপত আৱিষ্কাৰ হোৱা জীৱবিধতকৈ ই কিছু ব্যতিক্রম৷ লক্ষণীয় যে স্কটলেণ্ডৰ এই অঞ্চলটোত ৩২টাকৈ অধিক গুহা আছে৷ য’ত বিভিন্ন প্রজাতিৰ জীৱ–জন্তুৰ বসতিস্থল হোৱাৰ সম্ভাৱনা আছে৷

You might also like