নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২তেই অৱসান ঘটিব ক’ভিড–১৯ৰ!

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ বিশ্বজুৰি ক’ভিড মহামাৰীৰ কেইবাটাও প্রকৰণে সংক্রমণৰ সংহাৰ অব্যাহত ৰখাৰ সময়তে আজি বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেড্রোছ আধানম ঘেব্রিয়েছাছে উল্লেখ কৰিছে যে বিশ্ববাসীয়ে ২০২২ ভিতৰতে মহামাৰীক শেষ কৰিব পাৰিব যদিহে ঐক্যবদ্ধভাৱে বৈষম্য দূৰ কৰাৰ বাবে সকলোৱে যুঁজ দিয়ে৷ নৱবর্ষৰ বার্তাত বিশ্ববাসীক সম্বোধি হুৰ মুৰব্বীগৰাকীয়ে কৈছে যে মহামাৰীৰ পৰা কোনো দেশে ৰক্ষা পোৱা নাই৷ ক’ভিড–১৯ৰ ভাবুকিক প্রতিৰোধ কৰিবলৈ আজিৰ মুহূর্তত বিশ্ববাসীৰ হাতত আছে বিভিন্ন অস্ত্র৷ দীর্ঘদিন ধৰি পৃথিৱীবাসীৰ মাজত চলি থকা বৈষম্যৰ যদি অৱসান ঘটে, মহামাৰীক চলিত বর্ষটোতেই সম্পূর্ণৰূপে প্রতিৰোধ কৰাটো সম্ভৱ বুলি ঘেব্রিয়েছাছে মন্তব্য কৰে৷ লক্ষণীয়ভাৱে আগন্তুক বর্ষটোত বিশ্বৰ জনসাধাৰণে সন্মুখীন হ’বলগীয়া স্বাস্থ্যৰ ভাবুকি একমাত্র ক’ভিড–১৯ নহয় বুলি উল্লেখ কৰি টেড্রোছে কয় যে কোটি কোটি লোকে এতিয়াও ভেকচিন লাভ কৰা নাই৷ বিভিন্ন সংক্রামক ৰোগৰ দৰব এতিয়াও বিশ্বৰ বহু লোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অর্থাৎ এইক্ষেত্রত বৃহৎ বৈষম্য চলি আছে৷ এই বৈষম্যৰ অৱসান ঘটিলেই ক’ভিডৰ দৰে মহামাৰীক শীঘ্রে প্রতিৰোধ কৰাটো সম্ভৱ বুলি হুৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে৷

You might also like