নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ বর্ষত প্রাকৃতিক দুর্যোগত বিশ্বজুৰি ক্ষতি ১২ হাজাৰ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা,১১জানুৱাৰী: প্রাকৃতিক দুর্যোগত বিশ্বজুৰি ২০২২ বর্ষটোত বৃহৎ ক্ষতিসাধন হৈছে৷ শেহতীয়াকৈ মিউনিখ ৰেৰ সমীক্ষাত সদৰী হৈছে এই তথ্য৷ প্রাকৃতিক দুর্যোগৰ বাবে বিগত বর্ষটোত পৃথিৱীজুৰি ক্ষতি হৈছে ১২ হাজাৰ কোটি ডলাৰ৷ বীমা কোম্পানীসমূহৰ তথ্যৰ ওপৰত সমীক্ষা চলাই এই কথা সদৰী কৰিছে মিউনিখ ৰেই৷ লক্ষণীয়ভাৱে আমেৰিকাত সামুদ্রিক ধুমুহা ইয়ান আৰু অষ্ট্রেলিয়াত ভয়াৱহ বানে বিস্তৰ সম্পদৰ ক্ষতিসাধন কৰিছে৷ প্রতিবছৰে প্রাকৃতিক দুর্যোগৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাই আহিছে পৃথিৱীত৷

You might also like