নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ বছৰীয়া পুত্রৰ বাবে ‘আৰআৰআৰ’ শীর্ষক কাহিনী গ্রন্থ লিখিলে জাপানী মহিলাই

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: অস্কাৰ বিজয়ী ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ৰ জনপ্রিয়তা তুলনাবিহীন হৈ উঠিছে৷ ৰাজনীতিকৰ পৰা খেলুৱৈ, সেনাৰ পৰা সাধাৰণ নাগৰিকলৈ প্রতিটো স্তৰতে বিশ্বৰ প্রান্তে প্রান্তে ‘আৰ আৰ আৰ’ৰ জনপ্রিয়তা অটুট আছে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত জাপানৰ মহিলা এগৰাকীয়ে ‘আৰ আৰ আৰ’ শীর্ষক কাহিনী গ্রন্থ এখন লিখি উলিয়াইছে৷ ৭ বছৰীয়া পুত্রক ‘আৰ আৰ আৰ’ সন্দর্ভত অৱগত কৰাৰ বাবে মহিলাগৰাকীয়ে এই কাহিনী গ্রন্থখন লিখি উলিয়ালে৷ ছ’চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰা জাপানৰ মহিলাগৰাকী এই কাহিনী গ্রন্থ ৰচনাৰ আঁৰত আছে যে তিনিঘণ্টীয়া দৈর্ঘ্যৰ ছবি এখন ছাব টাইটেলেৰে তেওঁৰ শিশু সন্তানটোৱে চোৱাটো অতি জটিল৷ ইয়াৰ বাবে তেওঁ ৭ বছৰীয়া শিশু সন্তানটোৰ বাবে সহজ কৰি তুলিবলৈ ‘আৰ আৰ আৰ’ৰ কাহিনীটোক গ্রন্থ আকাৰে লিখি উলিয়ালে৷ ইনষ্টাগ্রামত ‘ৰোৰ অৱ আৰ আৰ আৰ’ শীর্ষকেৰে জাপানৰ মহিলাগৰাকীৰ কাহিনী গ্রন্থখন প্রচাৰ হৈছে৷ ছবিখনৰ চৰিত্রসমূহৰ সৈতে জাপানী ভাষাত কাহিনীটো বর্ণনা কৰা আছে৷ জাপানী ভাষাত কাহিনীটো বর্ণনা কৰোঁতে চৰিত্রসমূহো পুত্রৰ কাৰণে মাতৃয়ে অংকন কৰিছে৷ উল্লেখ্য যে ‘আৰ আৰ আৰ’ৰ ‘নাটু নাটু’ শীর্ষক গীতটোৱে শ্রেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰিছে৷

You might also like