নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ সোণত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব জি–৭এ

নিয়মীয়া বাৰ্তা, ২৭ জুন: পুনৰ আন্তর্জাতিক ক্ষেত্রত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব ৰাছিয়া৷ এইবাৰ ৰাছিয়াৰ পৰা সোণ আমদানি বন্ধ কৰি দিয়া হ’ব৷ জি–৭ গোষ্ঠীৰ বৈঠকৰ মঞ্চৰ পৰা আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷ ইতিমধ্যে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনসহ জি–৭ৰ শীর্ষ নেতাসকলে এইক্ষেত্রত সহমত পোষণ কৰিছে৷ ভ্লাডিমিৰ পুটিনৰ দেশক সংকটত পেলাবলৈ এনে পদক্ষেপ গ্রহণ কৰিবলৈ ওলাইছে জি–৭এ৷ কাইলৈ আনুষ্ঠানিকভাৱে জি–৭ৰ বৈঠকৰ পৰা এই কথা ঘোষণা কৰা হ’ব৷ স্মর্তব্য যে ইন্ধনৰ পিছতে ৰাছিয়াই বিভিন্ন দেশলৈ বৃহৎ হাৰত ৰপ্তানি কৰে সোণ৷ সোণৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিলে ৰাছিয়াৰ অর্থনীতিলৈ বিপর্যয় নামি আহিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে দুদিনীয়াকৈ জার্মানীত অনুষ্ঠিত হৈছে জি–৭ৰ বৈঠক৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলাই থকা আক্রমণৰ মাজতে বিশ্বৰ সমৃদ্ধিশালী সাত ৰাষ্ট্রৰ সংগঠনে মস্কো প্রশাসনৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাটো তাৎপর্যপূর্ণ৷ ইতিমধ্যে বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হৈছে ৰাছিয়া৷

You might also like