নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ঘৰত আক্ৰমণৰ সৈতে জড়িত ১৩ জনক কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: বাংলাদেশৰ ব্ৰহ্মনবড়িয়া জিলাৰ নাছিৰনগৰত ফেচবুকত ‘ভুৱা আইডি’ খুলি সাম্প্ৰদায়িক উচটনি প্ৰচাৰ কৰি হিন্দু সম্প্ৰদায়ৰ ঘৰত আক্ৰমণৰ ঘটনা সন্দৰ্ভত ১৩ জন লোকক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। দোষী সাব্যস্ত হোৱা আটাইকেইজনে চাৰি বছৰ কাৰাগাৰত কটাব লাগিব। প্ৰায় ছয় বছৰ পূৰ্বে বাংলাদেশৰ ব্ৰহ্মনবড়িয়াত ফেচবুকত ‘ভুৱা আইডি’ খুলি সাম্প্ৰদায়িক উচটনি দি হিন্দু সম্প্ৰদায়ৰ ঘৰত আক্ৰমণৰ সৈতে জড়িত আঠটা গোচৰ ৰুজু হৈছিল। যাৰ প্ৰথম ৰায়দান আছিল আজি বৃহস্পতিবাৰে। ব্ৰহ্মনবড়িয়াৰ মুখ্য ন্যায়িক দণ্ডাধীশ মহম্মদ মাছুদ পাৰৱেজে এই ৰায় দিয়ে। দোষী সাব্যস্ত হোৱা সকলোকে ২ হাজাৰ টকা জৰিমনাও বিহা হৈছে।

ফেচবুকত ৰসৰাজ দাস নামেৰে এজন যুৱকৰ ভুৱা একাউণ্টৰ পৰা অপমানজনক ছবি পোষ্ট কৰাৰ পাছতেই ২০১৬ চনৰ ৩০ অক্টোবৰত নাছিৰনগৰ উপজিলা সদৰত ১৫টা হিন্দু মন্দিৰ আৰু অৰ্ধশতাধিক ঘৰত আক্ৰমণৰ লগতে ভাঙি-ছিঙি জুই লগাই দিয়া হৈছিল। স্থানীয় বৰৱাৰী মন্দিৰৰ পুৰোহিতকে ধৰি দুজন ব্যক্তিয়ে এই আক্ৰমণৰ সৈতে জড়িত দুটা গোচৰ ৰুজু কৰে। প্ৰতিটো গোচৰতে ১০০০ৰ পৰা ১২০০ অচিনাক্ত লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল।

পিছত আৰক্ষীয়েও কিছু গোচৰ ৰুজু কৰে। এই ঘটনাত দাখিল কৰা আঠটা গোচৰৰ ভিতৰত উপজিলা সদৰৰ পাছিম্পাৰা অঞ্চলৰ পুৰণি দুৰ্গা মন্দিৰত অগ্নিসংযোগৰ গোচৰত ৰায়দান কৰে। এই গোচৰটো নাচিৰনগৰ থানাৰ তদানীন্তন এছ আই সাধন কান্তি চৌধুৰীয়ে দাখিল কৰিছিল। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ১৩জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতত দাখিল কৰা হয় অভিযোগনামা। সকলোকে শাস্তি প্ৰদান কৰা হয়।

 


এই হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে ৰসৰাজক গ্ৰেপ্তাৰ কৰি ৫ দিনৰ বাবে জিম্মাত লয়। পিছত প্ৰকাশ পায় যে তেওঁ এজন নিৰক্ষৰ আৰু স্মাৰ্টফোন চলাব নোৱাৰা মাছমৰীয়া।

নাচিৰনগৰ কাণ্ডৰ তদন্ত কৰি আৰক্ষী তদন্তকাৰী সংস্থাই গম পায় যে ৰসৰাজৰ মোবাইল ফোনত ধৰ্মীয় অপমানৰ ছবি আপলোড কৰা হোৱা নাছিল। ছবিখনৰ সম্পাদনা কৰিছিল হাৰিনবেৰ বজাৰৰ আল আমিন চাইবাৰ পইণ্ট এণ্ড ষ্টুডিঅ’ৰ মালিকানাধীন জাহাংগীৰ আলম নামৰ এজন ব্যক্তিৰ পৰা। ঘটনাৰ আৰম্ভণিৰে পৰাই অভিযোগ উত্থাপন হৈছিল যে জাহাংগীৰ আলমে তেওঁৰ চাইবাৰ কেফেৰ পৰা ধৰ্মীয় অপমানজনক ছবি ছপা কৰি প্ৰচাৰ পত্ৰৰ আকাৰত অঞ্চলটোত বিতৰণ কৰিছিল। যোৱা বছৰৰ ২৮ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত জাহাংগীৰে ১৬৪ ধাৰাত দিয়া স্বীকাৰোক্তিমূলক বক্তব্যতো এই বিষয়ে স্বীকাৰ কৰে।

ব্ৰহ্মনবাড়িয়া জিলা আদালতৰ আৰক্ষী পৰিদৰ্শক দিদাৰুল আলমে কয় যে দোষী কেইজন হৈছে – ম. মোখলেশ মিঞা, ম. মফিজুল হক, খছৰু মিঞা, নাজিৰ ৰহমান, ম. মাফুজ মিঞা, ইদু মিঞা, শ্বেখ ম. আব্দুল আহাদ, ছাইহাম ৰাব্বি শ্যাম, মিৰ কাশেম, অনিছ মিঞা আৰু টাবাৰক ৰেজা, চাজিব চৌধুৰী আৰু দেৱান আতিকুৰ ৰহমান আংখী। ৰায় ঘোষণা কৰাৰ সময়ত বাকীসকল আদালতত উপস্থিত আছিল যদিও ইয়াৰে পাঁচজন এতিয়াও পলাতক।

প্ৰেৰকঃ কাউছাৰ আজম, ঢাকা, বাংলাদেশ।

You might also like