নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নিউজিলেণ্ডৰে তৃতীয় এদিনীয়া: ইন্দোৰত হোৱাইট ৱাশ্বৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: ভ্রমণকাৰী দল নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা এদিনীয়া শৃংখলাটোত হোৱাইটৱাশ্বৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ইতিমধ্যে শৃংখলাটোৰ প্রথম দুখন মেচত জয়লাভ কৰি শৃংখলা হস্তগত কৰা ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজি ইন্দোৰত হ’বলগীয়া তৃতীয় তথা অন্তিমখন মেচতো জয়লাভ কৰি আলহী দলটোক হোৱাইটৱাশ্ব কৰাৰ লক্ষ্য লৈছে৷ ৰায়পুৰত হৈ যোৱা দ্বিতীয়খন মেচত সহজ বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটোৱে আজিৰ মেচখনত মিডল অর্ডাৰৰ বেটিঙত বিশেষ গুৰুত্ব দিব৷

ইতিমধ্যে হায়দৰাবাদত হৈ যোৱা প্রথমখন মেচত মিডল অর্ডাৰ বেটাৰসকলে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ অৱশ্যে ল’ স্ক’ৰিং দ্বিতীয়খন মেচত ঘৰুৱা দলটোৱে মাত্র দুটাহে উইকেট হেৰুৱাইছিল৷ আগন্তুক এদিনীয়া বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াই মিডল অর্ডাৰত বিশেষ গুৰুত্ব প্রদান কৰিব৷ আজিৰ মেচখনতো ভাৰতীয় দলটোৰ মূল একাদশত সালসলনি হোৱাৰ কোনো সম্ভাৱনা নাই৷ দ্বিতীয়খন মেচত বলাৰসকলে দাঙি ধৰা প্রদর্শনত সন্তুষ্টি প্রকাশ কৰি ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাই সংবাদ মাধ্যমৰে হোৱা বার্তালাপত কয় যে সতীর্থ বেটাৰ আৰু বলাৰসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে যদিও ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি আমি বেটিঙৰ মিডল অর্ডাৰত আৰু অধিক গুৰুত্ব প্রদান কৰিব লাগিব৷

ইপিনে, ভাৰতীয় দলটোৱে এদিনীয়া ৰেংকিঙৰ শীর্ষস্থানটো দখল কৰাৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷ আজি ইন্দোৰত হ’বলগীয়া মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে টীম ইণ্ডিয়াই এদিনীয়া ৰেংকিঙৰ শীর্ষস্থানটো পুনৰ নিজৰ দখললৈ আনিব পাৰিব৷ বর্তমান ১১৩ পইণ্টেৰে ভাৰতে শীর্ষস্থান দখল কৰি থকা ইংলেণ্ডৰ সৈতে আছে৷ আনহাতে, এদিনীয়া শৃংখলাটোত হোৱাইট ৱাশ্বৰ পৰা হাত সাৰিবলৈ চেষ্টাৰ কোনো ত্রুটি নকৰে নিউজিলেণ্ডে৷ আজিৰ মেচখনত দলটোৱে জয়লাভৰ বাবে সকলো প্রচেষ্টা চলাব বুলি উল্লেখ কৰি কিৱি বাহিনীৰ অধিনায়ক টম লাথামে কয় যে প্রথমখন মেচত আমি জয়ৰ কাষ চাপিও পিছ হুঁহকিবলগীয়া হৈছিল৷ অৱশ্যে দ্বিতীয়খন মেচত আমি নির্লজ্জ বেটিং প্রদর্শন দাঙি ধৰিছোঁ৷ আজি ইয়াৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ প্রতি সতীর্থসকলক সতর্ক কৰি দিয়া হৈছে বুলিও উল্লেখ কৰি অধিনায়ক লাথামে লগতে কয় যে মোৰ বিশ্বাস সতীর্থসকলে নিজৰ দায়িত্ব পালন কৰিব পাৰিব৷

খেলৰ সময় ঃ দিনৰ ১.৩০ বজা৷

You might also like