নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ আর্হিত ডুবাইত মুকলি হ’ব প্রথমখন বিলাসী ৰেষ্টুৰেণ্ট

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: বাণিজ্যিক কাৰণতেই নহয়, বিলাসিতাৰ বাবেও চিনাকি ডুবাই৷ বিশ্বৰ পর্যটকক আকর্ষণ কৰাৰ বাবে অত্যাধুনিক প্রযুক্তিৰে সজাই পৰাই তোলা ডুবাই চহৰত শীঘ্রেই মুকলি হ’ব চন্দ্রৰ আর্হিত প্রথমখন বিলাসী ৰিজ’ট৷ পৃথিৱীতে মহাকাশ পর্যটনৰ সুবিধা অতিথি পর্যটকক আগবঢ়োৱাৰ লক্ষ্যৰে কানাডাৰ আর্কি টেক্সুৰেল কোম্পানী মুন ৱর্ল্ড ৰিজ’ট (এমডব্লিউআৰ)ৰ দ্বাৰা ডুবাইত অত্যাধুনিক বিলাসী ৰিজ’টখন চন্দ্রৰ আর্হিত নির্মাণ কৰা হৈছে৷ চন্দ্রপৃষ্ঠৰ প্রতিকৃতিৰে সজাই–পৰাই তোলা এই বিলাসী ৰিজ’টখনৰ নাম ৰখা হৈছে মুন ডুবাই৷ ৭৩৫ ফুট উচ্চতাৰ এই বিলাসী ৰিজ’টখন ৪৮ মাহৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰা হ’ব৷ ৰিজ’টখনত সকলোধৰণৰ আতিথ্য প্রদানৰ সুবিধা থকাৰ লগতে বিনোদনৰ সমাহাৰ ঘটিব৷ এই বিলাসী মুন ডুবাইত বার্ষিক ১০ নিযুত পর্যটকে ভিৰ কৰিব বুলি এমডব্লিউআৰৰ প্রতিষ্ঠাতা চান্দ্রা জি মেথিউজ আৰু মাইকেল আৰ হেণ্ডাৰছনে প্রকাশ কৰিছে৷ এই মুন ডুবাই নির্মাণত ব্যয় হ’ব ৫ বিলিয়ন মার্কিন ডলাৰ আৰু বার্ষিক এই ৰিজ’টখনৰ পৰা উপার্জন হ’ব ১.৮ বিলিয়ন মার্কিন ডলাৰ৷ লক্ষণীয় যে এই ৰিজ’টখনত পর্যটকে মহাকাশচাৰীৰ অভিজ্ঞতা লাভৰ সুযোগ পাব৷

You might also like